ৰাষ্ট্ৰীয়

অনলাইন জুৱা! কপিল শৰ্মাকে ধৰি আন ২ অভিনেত্ৰীলৈ ইডিৰ চমন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহাদেৱ অনলাইন বেটিং কাণ্ডত নাম সাঙোৰ খাইছে এজনৰ পাছত আন এজন অভিনেতাৰ। এইবাৰ সোধা-পোছাৰ বাবে ইডিয়ে চমন জাৰি কৰিছে কমেডিয়ান কপিল শৰ্মা, অভিনেতা হুমা কুৰেশী আৰু অভিনেত্ৰী হীনা খানলৈ।

ইয়াৰ পূৰ্বে ৪ অক্টোবৰত ইডিয়ে বলিউড অভিনেতা ৰণবীৰ কাপুৰলৈ চমন জাৰি কৰিছিল। ৰনবীৰ কাপুৰক ৬ অক্টোবৰত ৰায়পুৰস্থিত ইডি কাৰ্যালয়ত উপস্থিত হ'বলৈ চমন জাৰি কৰিছিল ইডিয়ে। অৱশ্যে অভিনেতাগৰাকীয়ে ইয়াৰ বাবে কিছু সময় বিচাৰিছে।

আনহাতে কপিল শৰ্মা, হুমা কুৰেশী আৰু হীনা খানত কেতিয়া ইডিয়ে হাজিৰ হ'বলৈ নিৰ্দেশ দিছে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

মহাদেৱ বেটিং এপৰ দুজন প্ৰচাৰক আছে। সৌৰভ চন্দ্ৰকাৰ আৰু ৰবি উপ্পল মহাদেৱ। দুয়োজন জুৱাত আসক্ত আছিল। যাৰ বাবে দুয়ো বন্ধু হৈ পৰিছিল। তাৰ পিছত হঠাতে দুয়ো ডুবাইলৈ পলাই গ'ল। তাতএজন শ্বেখ আৰু পাকিস্তানী অংশীদাৰৰ সৈতে মহাদেৱে অনলাইন বেটিং এপটো মুকলি কৰিছিল। এই এপত আণ্ডাৰ ৱাৰ্ল্ডৰ টকা থকাৰো সন্দেহ আছে।

মহাদেৱ এপৰ নিৰ্মাতাসকলে এয়া এক গেমিং এপ বুলি কয় যদিও ইডিয়ে ইয়াৰ জৰিয়তে জুৱা খেলাৰ সন্দেহ কৰিছে।