আজি ই ডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক 
ৰাষ্ট্ৰীয়

আজি ই ডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি ই ডিৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন। সোমবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে মুখ্যমন্ত্ৰীগৰাকীক ভূমি কেলংকাৰীৰ এক গোচৰত সোধ-পোছৰ বাবে চমন জাৰি কৰিছিল।

উল্লেখ্য, ইয়াৰ পূৰ্বে অক্টোবৰতো ই ডিয়ে মুখ্যমন্ত্ৰীগৰাকীক ধনৰ লেনদেনৰ এক গোচৰত চমন জাৰি কৰিছিল। এই সন্দৰ্ভত অক্টোবৰত হেমন্ত চোৰেনে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ক জনাইছিল যে, তেওঁৰ বিৰুদ্ধে উত্থাপিত কথিত ধনৰ লেনেদেন সন্দৰ্ভত ই ডিৰ চমন অবাঞ্চিত। অৱশ্যে উচ্চতম ন্যায়ালয়ে চোৰেনৰ এই আৱেদন নাকচ কৰিছিল।

যোৱা আগষ্ট মাহৰ প্ৰথম ভাগত হেমন্ত চোৰেনে ই ডিৰ পৰা ভূমি কেলেংকাৰীৰ সন্দৰ্ভত চমন লাভ কৰিছিল। অৱশ্যে এই চমনক অৱজ্ঞা কৰি তেওঁ স্বাধীনতা দিৱসৰ কাৰ্যসূচীতহে ব্যস্ত থাকে।

ইয়াৰ পৰৱৰ্তী সময়ত একেটা মাহৰ ২৪ তাৰিখেও তেওঁক ই ডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছিল যদিও তেওঁ সেইবাৰো অৱজ্ঞা কৰিছিল। ৯ ছেপ্টেম্বৰত তেওঁক পুনৰ হাজিৰ হ'বলৈ কোৱা হৈছিল। সেইবাৰো তেওঁ কোনো সহাৰি নিদিলে।

হেমন্ত চোৰেনে তেওঁক ই ডিয়ে চমন জাৰি কৰা বিষয়টোৰ সন্দৰ্ভত কয়, এয়া কেন্দ্ৰীয় চৰকাৰৰ আইনৰ অপব্যৱহাৰ। ৰাজ্যখনত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা চৰকাৰখনক অস্থিৰ কৰিবলৈ কেন্দ্ৰীয় সংস্থাসমূহক অপব্যৱহাৰ কৰা হৈছে।

উল্লেখ্য, ৰাষ্ট্ৰীয় পৰ্যায়ত গঠিত হোৱা বিজেপি বিৰোধী ইণ্ডিয়া গোটৰ অন্যতম শক্তিশালী নেতা হেমন্ত চোৰেন। এই গোট গঠনত তেওঁ গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ ভূমিকা।