ৰাষ্ট্ৰীয়

কেজৰিৱাললৈ ই ডিৰ ষষ্ঠখন চমন

Asomiya Pratidin

ডিজিটেল ডেস্ক : দিল্লী সুৰা নীতি কেলেংকাৰীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাললৈ ই ডিয়ে পুনৰ চমন জাৰি কৰিছে। পূৰ্বে জাৰি কৰা ৫খন চমনকে ধৰি এইখন ষষ্ঠ সংখ্যক চমন।

ষষ্ঠ সংখ্যক চমন অনুসৰি ১৯ ফেব্ৰুৱাৰীত ই ডিৰ ওচৰত হাজিৰ হ'ব লাগিব মুখ্যমন্ত্ৰী কেজৰিৱাল। উল্লেখ্য যে, পূৰ্বে ২ ফেব্ৰুৱাৰী, ১৮ জানুৱাৰী, ৩জানুৱাৰী তথা ২০২৩ বৰ্ষৰ ২১ ডিচেম্বৰ আৰু ২ নৱেম্বৰত কেজৰিৱাললৈ ই ডিয়ে চমন জাৰি কৰিছিল।

মুখ্যমন্ত্ৰীগৰাকীয়ে এই চমন সন্দৰ্ভত অবৈধ বুলি অভিহিত কৰি ই ডিৰ চমন প্ৰত্যাখ্যান কৰি আহিছে।