ৰাষ্ট্ৰীয়

কাইলৈ ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ দিন

Asomiya Pratidin

ডিজিটেল ডেস্ক : সমগ্ৰ দেশজুৰি চলি আছে নিৰ্বাচনী বতাহ। লোকসভা নিৰ্বাচন ২০২৪ক লৈ ইতিমধ্যে ৰাজনৈতিক দলসমূহে চলাই আছে ব্যাপক প্ৰস্তুতি।

ইতিমধ্যে বিভিন্ন দলে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। বিজেপি, কংগ্ৰেছ, আপ আদিয়ে তালিকা ঘোষণা কৰাৰ পাছৰে পৰা ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছে সাংগঠনিক সভা।

সমান্তৰালকৈ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণাকলৈও দলসমূহ তথা প্ৰাৰ্থীসমূহৰ মাজত উৎকণ্ঠাই দেখা দিছে। এনে পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে জানিবলৈ দিছে যে, ১৬ মাৰ্চৰ বিয়লি ৩বজাত ঘোষণা কৰিব নিৰ্বাচনৰ দিন।

শুকুৰবাৰে নতুন দিল্লীত সংবাদমেল আয়োজন কৰি নিৰ্বাচন আয়োগে এই কথা ৰাজহুৱা কৰে। লগতে উল্লেখ কৰে যে কাইলৈ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ উপৰি ইয়াৰ লগত জড়িত আনুসংগিক নীতি-নিয়ম সন্দৰ্ভতো কেতবোৰ তথ্য আগবঢ়াব।