উচ্চতম ন্যায়ালয়ত নিৰ্বাচনী বণ্ডৰ বিষয়ে তথ্য দিবলৈ অনিচ্ছুক কেন্দ্ৰ...  
ৰাষ্ট্ৰীয়

উচ্চতম ন্যায়ালয়ত নিৰ্বাচনী বণ্ডৰ বিষয়ে তথ্য দিবলৈ অনিচ্ছুক কেন্দ্ৰ...

Asomiya Pratidin

 ডিজিটেল ডেস্কঃ 'ৰাজনীতিক দলবোৰৰ আয়ৰ উৎস কি, সেই বিষয়ে জনাৰ অধিকাৰ নাই দেশৰ সাধাৰণ জনতাৰ।' উচ্চতম ন্যায়ালয়ত এইদৰেই ক'লে কেন্দ্ৰীয় চৰকাৰৰ এণ্টৰ্নী জেনেৰেল আৰ ভেঙ্কটৰমানিয়ে। সোমবাৰে দেশৰ শীৰ্ষ আদলতত ৰাজনৈতিক দলবোৰৰ নিৰ্বাচনী বণ্ডৰ বৈধতা সন্দৰ্ভত এক গোচৰৰ শুনানি অনুষ্ঠিত হয়।

শীৰ্ষ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত পাচঁজনীয়া বিপাৰপীঠে গ্ৰহণ কৰা এই শুনানিত এটৰ্নী জেনেৰেলগৰাকীয়ে কয়, সংবিধানৰ তিনি নং অনুচ্ছেদ অনুসৰি এই বিষয়টো ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰৰ ভিতৰত নপৰে। উচ্চতম ন্যায়ালয়ত নিৰ্বাচনী বণ্ডৰ সপক্ষে এক লিখিত উত্তৰত এটৰ্নী জেনেৰেলগৰাকীয়ে দাবী কৰি কয় যে, নিৰ্বাচন বণ্ডত ৰাজনৈতিক দলসমূহৰ পুঁজিত বেনামী দাতাসকলৰ সন্দৰ্ভত গোপনীয়তা আছে।

ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৯ (১)(ক) অনুসৰি ভাৰতীয় নাগৰিকৰ ৰাজনৈতিক দলসমূহৰ উপাৰ্জনৰ বিষয়ে জনাৰ অধিকাৰ আছে। আনহাতে নিৰ্বাচনী বণ্ড সংবিধানৰ অনুচ্ছেদ ১৯(২) অধীনৰ বিষয়। এটৰ্নী জেনেৰেলগৰাকীয়ে কয়, কেন্দ্ৰীয় চৰকাৰৰ এই ক্ষেত্ৰত যুক্তিসংগত সীমাবদ্ধতা আৰোপ কৰাৰ ক্ষমতা আছে।

উল্লেখ্য যে, নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ পৰা ক'লা ধন নোহোৱা কৰিবৰ বাবে নিৰ্বাচনী বণ্ড প্ৰৱৰ্তন কৰিছিল। ২০১৮ চনত অৰুণ জেটলী বিত্ত মন্ত্ৰী হিচাপে দায়িত্বত থকাৰ সময়তে নিৰ্বাচনী বণ্ড প্ৰথমবাৰৰ বাবে ঘোষণ কৰা হৈছিল। ফলত কোনো কৰ্পোৰেট সংস্থা, ব্যক্তি বা প্ৰতিষ্ঠানে ৰাজনৈতিক দলবোৰক যদি পুঁজি যোগান ধৰিব বিচাৰে তেন্তে বণ্ড ক্ৰয় কৰিব লাগিব আৰু সংশ্লিষ্ট পক্ষক দিব লাগিব।

এই বণ্ডবোৰ ১০০০ টকা, ১০,০০০ টকা, ১ লাখ, ১০ লাখ আৰু ১ কোটি টকাত উপলব্ধ হ’ব। এই নিৰ্বাচনী বণ্ড ৰাজনৈতিক দলবোৰৰ নিৰ্দিষ্ট একাউণ্টৰ জৰিয়তে ভাঙিব পাৰে যদিও কোনে কিমান পৰিশোধ কৰিছে, কিমান টকা দিছে সেই বিষয়ে জানিব পৰা নাযায়। এইদৰে নিৰ্বাচনী বণ্ড প্ৰৱৰ্তন হোৱাৰ পাছৰে পৰা এই বিষয়টোৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপিত হৈ আহিছে।

বিৰোধী দলবোৰৰ লগতে নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ আন্দোলন কৰিথকাসকলৰ অভিযোগ, নিৰ্বাচনী বণ্ডত দুৰ্নীতি বাঢ়িছে। বিশ্বৰ কোনো দেশতেই এনে ব্যৱস্থা নাই। বণ্ড ভাঙিছে ৰাজনৈতিক দলবোৰে। ফলত কোন কৰ্পোৰেট গোষ্ঠীয়ে কাক সাহায্য প্ৰদান কৰিছে তাৰ বিনিময়ত ক্ষমতাত থকা দলৰ পৰা কি সুবিধা আদায় কৰিছে সেই বিষয়ে জানিব পৰাৰ কোনো উপায় নাই।

সেয়েহে এই বিষয়টোক লৈ প্ৰশ্ন উত্থাপিত হৈছে। বিৰোধীৰ দাবী কেন্দ্ৰ আৰু অধিকাংশ ৰাজ্যত ক্ষমতাত থকাৰ বাবেই শাসকীয় বিজেপিয়ে নিৰ্বিবাদে ধন আমাদানিৰ বাবে চিৰস্থায়ী ব্যৱস্থা কৰাৰ চেষ্টা কৰিছে। সেয়ে তেওঁলোকে নিৰ্বাচনী বণ্ড ব্যৱস্থা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছে।

পৰিসংখ্যা অনুসৰি মূলতঃ ১০ লাখ টকা আৰু ১ কোটি টকাৰ বণ্ড ক্ৰয় কৰা হৈছে। ইয়াৰ পৰা এইটো স্পষ্ট হৈছে যে কৰ্পোৰেট সংস্থাবোৰেই ৰাজনৈতিক দলসমূহক ধন দান কৰি সুবিধা লাভ কৰিবলৈ চেষ্টা কৰি আহিছে। কৰ্পোৰেট সংস্থাবোৰৰ পৰা এনে অনুদান লাভ কৰাৰ ক্ষেত্ৰত স্বাভাৱিকতে শাসকীয় বিজেপি আগবাঢ়ি আছে।

এনে প্ৰেক্ষাপটতে চিপিআই(এম) আৰু 'এছ'চিয়েচন অৱ ডেমক্ৰেটিক ৰাইটছ' (এ ডি আৰ) নামৰ এটা সংগঠনে এই বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁলোকৰ দাবী নিৰ্বাচনী বণ্ডৰ বিক্ৰী নিষিদ্ধ কৰিব লাগে আৰু যিসকলে বণ্ড ক্ৰয় কৰি আছে তেওঁলোকৰ নাম প্ৰকাশ কৰিব লাগে। কিন্তু কেন্দ্ৰই এই নাম প্ৰকাশ কৰিবলৈ ইচ্ছ্যুক নহয়।