জম্মু-কাশ্মীৰত দুদিন ধৰি সংঘৰ্ষঃ ৫ সন্ত্ৰাসবাদী নিহত... 
ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত দুদিন ধৰি সংঘৰ্ষঃ ৫ সন্ত্ৰাসবাদী নিহত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ কুলগাম জিলাত সুৰক্ষা কৰ্মী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষ শুকুৰবাৰেও অব্যাহত আছে। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই সংঘৰ্ষৰ দ্বিতীয়টো দিনত সুৰক্ষাকৰ্মীসকলে বৃহৎ বিজয় সাব্যস্ত কৰিছে।

আৰক্ষী সূত্ৰত প্ৰকাশিত বাতৰি অনুসৰি সংঘৰ্ষস্থলীত ৫ সন্ত্ৰাসবাদী সুৰক্ষাকৰ্মীৰ গুলীত নিহত হৈছে। নিহত হোৱা আটাইকেইটা সন্ত্ৰাসবাদী লস্কৰ-ই-তৈবাৰ।

অৱশ্যে সুৰক্ষা কৰ্মীৰ অভিযান অঞ্চলটোত এতিয়াও অব্যাহত আছে। উল্লেখ্য যে, কুলগাম জিলাৰ চমনু গাঁৱত বৃহস্পতিবাৰে দুপৰীয়া সুৰক্ষাকৰ্মী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল।

আৰক্ষী, সেনাৰ ৩৪ আৰ আৰ আৰু চি আৰ পি এফৰ এক যুটীয়া দলে বিশেষ সূত্ৰৰ তথ্যৰ আধাৰত কুলগাম জিলাৰ চমনু গাঁও ঘেৰি ধৰি তালাচী চলাইছিল। এনে পৰিস্থিতি প্ৰত্যক্ষ কৰি সন্ত্ৰাসবাদী দলটোৱে গুলী চালনা কৰিবলৈ আৰম্ভ কৰে।

ফলত দুয়ো পক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। গভীৰ নিশা এই সংঘৰ্ষ বন্ধ হৈছিল যদিও শুকুৰবাৰে পুৱা পুনৰ গুলীচালনা আৰম্ভ হয়। আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা অনুসৰি এই সংঘৰ্ষত ৫ সন্ত্ৰাসবাদী নিহত হৈছে।