ৰাষ্ট্ৰীয়

এণ্ড’স্কপি কেমেৰাত বন্দি উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিকৰ প্ৰথম দৃশ্য

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগ ভাঙি পৰা স্থানত উদ্ধাৰ অভিযানৰ দশম দিনা অভিযানকাৰী দলটোৱে এক উল্লেখনীয় সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। সুৰংগটোৰ ভাঙি পৰা অংশত অভিযানকাৰী দলটোৱে সফলতাৰে এণ্ড’স্কপি কেমেৰা সুমুৱাবলৈ সক্ষম হৈছে। ইয়াৰ পাছতেই উদ্ধাৰকাৰী দলক নিজৰ মংগলৰ বিষয়ে জনোৱাৰ সময়তে আৱদ্ধ শ্ৰমিকসকলৰ প্ৰথম ভিজুৱেল দেখিবলৈ পোৱা গৈছে।

উদ্ধাৰকাৰী দলটোৱে ছিলকিয়াৰা সুৰংগৰ ভিতৰত পাইপলাইন স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে শ্ৰমিকসকলৰ স্বাস্থ্যৰ খবৰৰ বাবে আৱদ্ধ হৈ থকা প্ৰতিজন শ্ৰমিকৰ লগতেই ব্যক্তিগতভাৱে কথা পাতে।

উল্লেখযোগ্য যে, উদ্ধাৰকাৰী দলটোৱে পাহাৰৰ ওপৰৰ অংশৰ পৰা সুৰংগটোলৈ উলম্ব ড্ৰিলিং মেচিন স্থাপন কৰিবলৈ সক্ষম হৈছিল। হাৰবাঞ্জ নামৰ এই মেচিনটো স্থানত কৰোতে ১৩ ঘণ্টা আৰু ৩খন বাহনৰ প্ৰয়োজন হৈছিল।

উদ্ধাৰ অভিযানত লাভ কৰা এই অগ্ৰগতিৰ পিছতে নৱম দিনটোত ৬ ইঞ্চি বহল পাইপলাইন এটা ধ্বংসাৱশেষৰ মাজেৰে সুমুৱাই দিয়া হৈছিল, যাৰ জৰিয়তে আবদ্ধ শ্ৰমিকসকলক খাদ্য আৰু দৰৱ প্ৰেৰণ কৰা হৈছিল।

উদ্ধাৰ অভিযানৰ দায়িত্বত থকা কৰ্ণেল দীপক পাটিলে কয় যে মূল প্ৰত্যাহ্বান হৈছে ৯০০ মিলিমিটাৰ পাইপৰ জৰিয়তে আবদ্ধ শ্ৰমিকসকলক উলিয়াই অনাটো। ইতিমধ্যে ৬ ইঞ্চিৰ লাইফলাইনৰ জৰিয়তে শ্ৰমিকসকলক খাদ্য, মোবাইল, চাৰ্জাৰ প্ৰেৰণ কৰি থকা হৈছে।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আশ্বাস দিয়ে যে শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ প্ৰচেষ্টা দ্ৰুতগতিত চলি আছে। তেওঁ লগতে কয় যে, দুৰ্ঘটনাৰ স্থানত উপস্থিত হোৱা শ্ৰমিকসকলৰ আত্মীয়ৰ ভ্ৰমণ, থকাৰ ব্যৱস্থা, আৰু খাদ্যৰ ব্যৱস্থা উত্তৰাখণ্ডৰ চৰকাৰৰ তৰফৰ পৰা কৰা হ’ব।

উল্লেখ্য যে, ৰেল বিকাশ নিগম লিমিটেডে অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ বাবে আন এক উলম্ব পাইপলাইনৰ কাম কৰি আছে। এছজেভিএনএলৰ প্ৰথমটো মেচিন নিৰ্দিষ্ট স্থানত উপস্থিত হৈছে আৰু কাৰ্য্যকলাপ আৰম্ভ কৰিছে।