বিৰোধীৰ আইফোন 'ৰাজ্যৰ পৃষ্ঠপোষকতাত হেকিং' সন্দৰ্ভত তদন্ত ঘোষণা... 
ৰাষ্ট্ৰীয়

বিৰোধীৰ আইফোন 'ৰাজ্যৰ পৃষ্ঠপোষকতাত হেকিং' সন্দৰ্ভত তদন্ত ঘোষণা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ একাংশ নেতাই ব্যৱহাৰ কৰা আইফোন 'ৰাজ্যৰ পৃষ্ঠপোষকতাত হেকিং' কৰাৰ সন্দৰ্ভত নিৰ্মাতা এপলে জাননী প্ৰেৰণ কৰিছে। ইয়াকে লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।

এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য ও প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে স্পষ্টিকৰণ প্ৰকাশ কৰিছে। উল্লেখ্য, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীকে ধৰি বিৰোধীয়ে এপলৰ সতৰ্কবাণীক লৈ কেন্দ্ৰীয় চৰকাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰৰ শাসকীয় বিজেপিক সমালোচনা লক্ষ্য কৰি লৈছে।

তাৰ মাজতে বিৰোধীৰ এনে সমালোচনা তথা আক্ৰমণৰ সঁহাৰি দি কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মঙলবাৰে কয়, "বিৰোধীয়ে সমালোচনাৰ অজুহাত বিচাৰি আছে। কেন্দ্ৰক আক্ৰমণ কৰাৰ কোনো গুৰুত্বপূৰ্ণ কাৰণ নোহোৱাকৈ, তেওঁলোকে এতিয়া হেকিং সন্দৰ্ভত মাত মাতিছে।

মন্ত্ৰীগৰাকীয়ে কয়, "এপলৰ সতৰ্কবাণী কেৱল ভাৰতলৈই নহয়, কমেও ১৫০ খন আন দেশলৈও গৈছে। এই সতৰ্কবাণী কিয় আহিছে সেই বিষয়ে জানিবলৈ এক বিতং তদন্তৰ নিৰ্দেশ দিয়া হৈছে।''

মঙলবাৰে পুৱা, তৃণমূল কংগ্ৰেছৰ সাংসদ মাহুৱা মৈত্ৰই প্ৰথমে আইফোন হেকিং সম্পৰ্কে সতৰ্কবাণী লাভ কৰাৰ বিষয়ে এক্সত উল্লেখ কৰে। ইয়াৰ পাছতে এজন এজনকৈ বহু কেইজন সক্ৰিয় বিৰোধী নেতাই আইফনো হেকিং সংক্ৰান্তিয় সতৰ্কবাণী লাভ কৰাৰ কথা প্ৰকাশ কৰে।

এইসকলৰ ভিতৰত আছে শিৱসেনাৰ মুখপাত্ৰ প্ৰিয়ংকা চতুৰ্বেদী, কংগ্ৰেছ সাংসদ শশী থাৰুৰ, আপৰ সাংসদ ৰাঘৱ চাড্ডা, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, চিপিআই(এম)ৰ সাংসদ সীতাৰাম য়েচুৰী, কংগ্ৰেছৰ কে চি বেণুগোপাল, পৱন খেৰা আদি।

টি এম চিৰ সাংসদ মহুৱা মৈত্ৰই এক্সত লিখিছে, এয়া জৰুৰীকালীন অৱস্থাতকৈ বেয়া পৰিস্থিতি! কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে এই বিষয়ত এক সংবাদ মেল সম্বোধন কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁ কয়, এই সকলোবোৰ প্ৰকৃততে বিৰোধীয়ে আদানিৰ ওপৰত কৰা আক্ৰমণৰ ফল। বিৰোধীয়ে আদানীৰ বিৰুদ্ধে মাত মতাৰ বাবেই তেওঁলোকৰ মোবাইল হেক কৰা চেষ্টা কৰা হৈছে।

কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনীয বৈভৱে অৱশ্যে ৰাহুল গান্ধীৰ এই অভিযোগক অপ্ৰয়োজনীয় সমালোচনা বুলি খাৰিজ কৰিছে। মঙলবাৰে মধ্য প্ৰদেশৰ এক অনুষ্ঠানত অশ্বিনী বৈভৱক এই সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, এপলৰ সতৰ্কবাণীৰ সন্দৰ্ভত কেন্দ্ৰৰ ওচৰত কোনো ব্যাখ্যা নাই। বিৰোধীয়ে এপলৰ এই সতৰ্কবাণীৰ বাবে কেন্দ্ৰক দোষাৰোপ কৰিবলৈ আৰম্ভ কৰিছে। এনে সতৰ্কবাণী সদায় সঁচা নহয়। এই সতৰ্কবাণী এক অসত্য এলাৰ্মো হ'ব পাৰে।

অৱশ্য তেওঁ এই সতৰ্কবাণী কিয় আহিল সেই সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে বুলি উল্লেখ কৰিছে। তেওঁ এই তদন্ত প্ৰক্ৰিয়াত সকলোৰে সহযোগিতা আশা কৰিছে।