ৰাষ্ট্ৰীয়

অপহৰণ আৰু ধন দাবীঃ জেডেইউৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ধনঞ্জয় সিঙক ৭ বছৰৰ কাৰাদণ্ড

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জৌনপুৰৰ অতিৰিক্ত সত্ৰ আদালতে প্ৰাক্তন সাংসদ তথা জনতা দল-ইউনাইটেড (জেডিইউ)ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ধনঞ্জয় সিঙক ৭ বছৰৰ শাস্তি বিহিছে। অপহৰণ আৰু ধন দাবীৰ অভিযোগত আদালতে দোষী সাব্যস্ত কৰে তেওঁক।

মুজফ্ফৰনগৰ নিবাসী অভিনৱ সিংঘালে ২০২০ চনৰ ১০ মে'ত প্ৰাক্তন সাংসদ ধনঞ্জয় সিং আৰু তেওঁৰ সহযোগী বিক্ৰমে বিৰুদ্ধে অপহৰণ আৰু ধন দাবীৰ অভিযোগ দাখিল কৰিছিল। এই গোচৰত অভিযোগ আছিল যে বিক্ৰমে তেওঁৰ দুই সহযোগীৰ সৈতে তেওঁক অপহৰণ কৰি প্ৰাক্তন সাংসদ ধনঞ্জয়ৰ ঘৰলৈ লৈ গৈছিল।

অভিযোগ আছিল যে ধনঞ্জয় সিঙে পিষ্টল লৈ আহি তেওঁক ধন দাবী কৰিছিল। এই ঘটনাৰ পাছত ধনঞ্জয় গ্ৰেপ্তাৰ হৈছিল যদিও পৰৱৰ্তী সময়ত জামিন লাভ কৰিছিল।

সত্ৰ ন্যায়াধীশ শাৰদ কুমাৰ ত্ৰিপাঠীয়ে দুয়োপক্ষৰ কথা শুনি প্ৰাক্তন সাংসদ ধনঞ্জয় সিং আৰু তেওঁৰ সহযোগী সন্তোষ বিক্ৰমক দোষী সাব্যস্ত কৰিছে।

ন্যায়ালয়ৰ ৰায়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ধনঞ্জয়ে কয় যে তেওঁ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব।

ধনঞ্জয় ২০০৯ চনত বহুজন সমাজ পাৰ্টীৰ পৰা জৌনপুৰৰ সাংসদ আছিল। অৱশ্যে ২০১১ চনত মায়বতীয়ে তেওঁক দলৰ পৰা অপসৰন কৰিছিল।

বৰ্তমান জনতা দল ইউনাইটেডৰ ৰাষ্ট্ৰীয় মহাসচিব ধনঞ্জয় সিং। এইবাৰো তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কথা আছিল যদিও এতিয়ালৈকে টিকট লাভ কৰা নাছিল।