ৰাষ্ট্ৰীয়

পুনৰ বিপদত মহুৱা মৈত্ৰ! প্ৰাক্তন সংগীৰ ঘৰত প্ৰৱেশ কৰি ভাবুকি দিয়াৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ বিপদত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ। ধনৰ বিনিময়ত সংসদত প্ৰশ্ন বিতৰ্ক সন্দৰ্ভত লোকসভাৰ সাংসদগৰাকী ইতিমধ্যেই সমস্যাত আছে। ইয়াৰ মাজতে পুনৰ তেওঁৰ বিৰুদ্ধে প্ৰাক্তন সংগী তথা অধিবক্তা জয় অনন্ত দেহাদ্ৰাই উত্থাপন কৰিছে আন এক অভিযোগ।

অধিবক্তা দেহাদ্ৰাই অভিযোগ উত্থাপন কৰি কৈছে যে, মহুয়া মৈত্ৰই তেওঁৰ ঘৰত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি কৰ্মচাৰীসকলক ভাবুকি প্ৰদান কৰিছে। এই সন্দৰ্ভত তেওঁ গোচৰ ৰুজু কৰিছে। ইয়াৰ পূৰ্বে তেওঁ দিল্লী আৰক্ষী আয়ুক্তৰ সন্মুখত তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি অহা বুলি জনাইছিল।

অধিবক্তা গৰাকীয়ে মঙলবাৰে হৌজ খাছ আৰক্ষী থানাৰ ষ্টেচন হাউচ অফিচাৰ (এছএইচঅ')লৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।যত তেওঁ লিখিছিল, "সমিতিৰ সন্মুখত হাজিৰ হোৱাৰ পিছত মহুয়া ৫ আৰু ৬ নৱেম্বৰত একো নজনোৱাকৈ ঘৰলৈ আহিছিল। মই ভাবো যে মহুৱাই মোৰ কুকুৰ হেনৰীৰ অজুহাতত দেখুৱাই মোৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে।

এইগৰাকী অধিবক্তাৰ সৈতে লিভ ইন সম্পৰ্কত আছিল মহুৱা। দুয়োজনৰ মাজৰ সম্পৰ্ক তেওঁলোকৰ বিচ্ছেদৰ পিছৰে পৰা ভাল হোৱা নাই বুলি জনা গৈছে।দুয়োৰে মাজৰ বিভেদৰ কাৰণ পোহনীয়া কুকুৰ হেনৰী বুলি কোৱা হয়। দুয়োয়ে ইয়াৰ বাবে দুয়োকে চুৰি কৰাৰ অভিযোগ উত্থাপন কৰে। দুয়োয়ে হেনৰীৰ বাবে আইনী যুঁজতো নামিছিল। অৱশ্যে বৰ্তমান কুকুৰটো মহুৱাৰ ওচৰত আছে।

উল্লেখ্য যে, মহুৱাৰ প্ৰাক্তন সংগীগৰাকীয়ে চিবিআইক চিঠি লিখি জনাইছিল যে মহুৱাই ব্যৱসায়ী হীৰানন্দানীৰ পৰা টকা লৈ লোকসভাত প্ৰশ্ন কৰিছিল। এই সন্দৰ্ভত সংসদৰ এথিক্স কমিটীয়েও তদন্ত কৰি আছে।