ৰাষ্ট্ৰীয়

সীমান্তত নিজৰ স্থিতিত অটল কৃষকঃ পঞ্চমবাৰৰ বাবে আলোচনা কৰিবলৈ সাজু চৰকাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নিম্নতম সমৰ্থন মূল্য (এমএছপি)ত গেৰাণ্টিৰ দাবী কৰি যোৱা ৯ দিন ধৰি পঞ্জাৱৰ কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে। চৰকাৰৰ সৈতে চতুৰ্থ পৰ্যায়ৰ আলোচনা বিফল হোৱাৰ পিছত ২১ফেব্ৰুৱাৰীত কৃষকসকলে পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজৰ শম্ভু সীমান্ত আৰু হাৰিয়ানা-পঞ্জাৱৰ দাতাসিংৱালা-খানাউৰী সীমান্ত অতিক্ৰম কৰিবলৈ চেষ্টা কৰি আছে।

ইয়াৰ মাজতে খনৌৰী সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কৃষকসকলক বাধা দিবলৈ আৰক্ষীয়ে বহুবাৰ কন্দুৱা গেছ, ৰবৰ বুলেট আদিৰ প্ৰয়োগো কৰিছে। ইয়াৰ মাজতে কেন্দ্ৰীয় কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডাই আকৌ এবাৰ কৃষকসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে।

শম্ভু সীমান্তত কৃষকসকলে বেৰিকেড ভঙাৰ চেষ্টা কৰাৰ বিপৰীতে তেওঁলোকক বাধা দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছৰ প্ৰযোগ কৰিছে। আনহাতে কন্দুৱা গেছৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কৃষকসকলে স্পেচিয়েল মাস্ক,তিতা বস্তা আৰু চশমা আদি ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে।

হাৰিয়ানা আৰক্ষীয়ে জনোৱা অনুসৰি এতিয়ালৈকে কোনো কৃষকৰ মৃত্যু হোৱা নাই। কৃষকৰ মৃত্যু সন্দৰ্ভত কেৱল অপপ্ৰচাৰ হৈছে। অৱশ্যে আৰক্ষীসহ অন্য প্ৰতিবাদকাৰী আহত হৈছে। কৃষকসকলক বাধা দিবলৈ সীমান্তত প্ৰায় ৭০০ গৰাকী নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে। দিল্লীত এতিয়াও জাৰি আছে ১৪৪ ধাৰা। আনকি

কৃষকসকলৰ প্ৰতিবাদৰ মাজতে কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডাই পঞ্চম পৰ্যায়ৰ আলোচনাৰ ইংগিত দিছে। তেওঁ কয় যে চৰকাৰে এমএছপিৰ দাবী, নৰাৰ বিষয়, এজাহাৰ সন্দৰ্ভত ধৰি সকলো বিষয়ত কথা পাতিবলৈ সাজু বুলি জনায়। তেওঁ পুনৰ কৃষক নেতাসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনায় আৰু কয় যে শান্তি বজাই ৰখাটো প্ৰয়োজনীয়।

উল্লেখ্য যে, কৃষকসকলে এমএছপিৰ ওপৰত গেৰাণ্টি আইন প্ৰস্তুত কৰা আৰু স্বামীনাথাম আয়োগৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ দাবী কৰিছে। লগতে কৃষক আৰু কৃষি শ্ৰমিকৰ বাবে পেঞ্চনৰ ব্যৱস্থা , কৃষকৰ ঋণ মাফ কৰা আদি দাবীও উত্থাপন কৰিছে।