অধিক উগ্ৰ হৈছে প্ৰতিবাদী কৃষকঃ জেচিবি লৈ ভাঙিবলৈ সাজু আৰক্ষীৰ বেৰিকেড... 
ৰাষ্ট্ৰীয়

অধিক উগ্ৰ হৈছে প্ৰতিবাদী কৃষকঃ জেচিবি লৈ ভাঙিবলৈ সাজু আৰক্ষীৰ বেৰিকেড...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে কৃষকসকলৰ বিদ্ৰোহ। এইবাৰ পূৰ্বতকৈ অধিক আগ্ৰাসী ৰূপ ধাৰণ কৰিছে প্ৰতিবাদকাৰী কৃষকসকল। পঞ্জাৱ-হাৰিয়ানাৰ শম্ভু সীমান্তৰ পৰা দিল্লী চলো যাত্ৰা আৰম্ভ কৰিছে কৃষকসকলে।

তেওঁলোকক বাধা প্ৰদান কৰিবলৈ মোতায়েন কৰা হৈছে অৰ্ধ সামৰিক বাহিনীক। কোনো পৰিস্থিতিতে কৃষকসকল যাতে ৰাজধানীত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সুৰক্ষা কৰ্মীসকলক কঠোৰ নিৰ্দেশ দিয়া হৈছে।

আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীৰে গঠিত এই বিশাল সুৰক্ষ বাহিনীয়ে প্ৰতিবাদকাৰী কৃষকক নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰিছে। কিন্তু তাৰ পাছতো স্তব্ধ কৰিব পৰা নাই কৃষকসকলক। ট্ৰেক্টৰৰ সৈতে আগবাঢ়িছে কৃষকসকল।

কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে আন্দোলনকাৰীৰ সৈতে বৈঠকত মিলিত হৈ সমাধান সূত্ৰ উলিয়াবলৈ চেষ্টা কৰিছে যদিও ব্যৰ্থ হৈছে। ইতিমধ্যে কৃষক সংগঠনৰ নেতা আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে মুঠ ৫ খন বৈঠক অনুষ্ঠিত হৈছে আৰু আটাইকেইখন ব্যৰ্থ হৈছে।

কেন্দ্ৰই ৫ বছৰৰ বাবে এম এছ পিৰ দাবী মানি লোৱাৰ প্ৰস্তাৱ দিছিল যদিও কৃষকসকলে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে। এম এছ পি আৰু অন্যান্য দাবী পূৰণ কৰিবলৈ কৃষকে এতিয়া তেওঁলোকৰ আন্দোলন অধিক তীব্ৰ আৰু উগ্ৰ কৰি তুলিছে।

পূৰ্বৰে পৰা শম্ভু সীমান্তত অৱস্থান কৰি থকা কৃষকসকলে দিল্লীত প্ৰৱেশত যে নিৰাপত্তাৰক্ষীসকলে বাধা দিব সেই কথা জানিছিল। সেয়ে সেই বাধাৰ মোকাবিলা কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছে কৃষকে।

কৃষকসকলে ট্ৰেক্টৰসমূহ অস্থায়ী টেংক হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে। ট্ৰেক্টৰসমূহত স্থাপন কৰিছে লোৰ অস্থায়ী শ্বীট। আৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱা গেছৰ পৰা ৰক্ষা পাবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে।

এই একে ব্যৱস্থাৰেই আৰক্ষীয়ে নিক্ষেপ কৰা পানী হিলৈৰ পৰাও ৰক্ষা পৰিছে। ইয়াৰোপৰি আৰক্ষীৰ বেৰিকেড ভাঙিবলৈ কৃষকসকলে লগত আনিছে জেচিবি।

আনহাতে কৃষকসকলৰ দিল্লী চলো অভিযান ব্যৰ্থ কৰিবলৈ আৰক্ষী তথা সুৰক্ষা কৰ্মীয়েও বিভিন্ন পন্থা হাতত লৈছে। শ্বিপিং কণ্টেইনাৰৰ সৈতে বন্ধ কৰি দিয়া হৈছে পথ। ৰাজপথত সংস্থাপন কৰিছে গঁজাল।

প্ৰতিমুহূৰ্ততে কন্দুৱা গেছ, পানী হিলৈ নিক্ষেপ কৰি প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা চলাইছে। কন্দুৱা গেছৰ পৰা ৰক্ষা পাবলৈ আকৌ কৃষকে ভিজা বস্তাকে ধৰি অন্যান্য কিছু পন্থা অৱলম্বন কৰিছে।

আনহাতে শম্ভু সীমান্তৰ ৰাজপথ বন্ধ কৰি দিয়াত কৃষকসকলে মাটি ভৰ্তি বস্তা ট্ৰেক্টৰত কঢ়িয়াই আনি ঘৰঘৰা নদীত পেলাই অস্থায়ী সেতু নিৰ্মাণৰ চেষ্টা কৰিছে। এনে পৰিস্থিতিত গৃহ মন্ত্ৰণালয়ে হাৰিয়ানা চৰকাৰক আন্দোলন প্ৰতিহত কৰিবলৈ অত্যাধিক কঠোৰ পদক্ষেপ ল'বলৈ নিৰ্দেশ প্ৰদান কৰিছে। একেই নিৰ্দেশ প্ৰদান কৰা হৈছে পঞ্জাৱৰ মুখ্য সচিবকো।

কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত হাৰিয়ানাৰ ডিজিপিয়ে কয়, যদি কৃষকসকলে বলপূৰ্বক বেৰিকেড ভাঙিবলৈ চেষ্টা কৰে, তেন্তে তেওঁঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ বাহিৰে আৰক্ষীৰ ওচৰত আন কোনো বিকল্প নাথাকিব। ইয়াৰোপৰি তেওঁ মহিলা, শিশু আৰু জ্যেষ্ঠ নাগৰিকসকলক এই আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে।