কৃষক সংগঠনৰ আজি ৰে'ল ৰোকো কাৰ্যসূচীঃ সন্ধিয়া কেন্দ্ৰীয় চৰকাৰৰে বৈঠক.. 
ৰাষ্ট্ৰীয়

কৃষক সংগঠনৰ আজি ৰে'ল ৰোকো কাৰ্যসূচীঃ সন্ধিয়া কেন্দ্ৰীয় চৰকাৰৰে বৈঠক..

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এম এছ পিৰ আইনী বৈধতাকে ধৰি আন কেইবাটাও দাবীৰে কৃষকে আৰম্ভ কৰা দিল্লী চলো যাত্ৰাৰ আজি তৃতীয়টো দিন। এই তৃতীয়টো দিনত পঞ্জাৱ, হাৰিয়ানা সীমান্তত আন্দোলনকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত অব্যাহত আছে সংঘৰ্ষ।

এনে সংঘৰ্ষ জৰ্জৰিত প্ৰতিবাদৰ মাজতে আকৌ বৃহস্পতিবাৰে কৃষক সংগঠনসমূহে ৰে'ল ৰোকো কাৰ্যসূচীও ঘোষণা কৰিছে। দিনৰ ১২ বজাৰ পৰা ৪ বজালৈ মুঠ ৭ টা স্থানত ৰূপায়ণ কৰিবলৈ লোৱা এই অৱৰোধ কাৰ্যসূচীক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে আন্দোলনস্থলী।

দিল্লী আৰক্ষীয়ে শম্ভু আৰু খানাউৰী সীমান্তৰ যি স্থানত কৃষকসকলৰ ওপৰত নিৰ্যাতন চলালে তাতেই প্ৰতিবাদী কৃষকসকলে শিবিৰ পাতিছে। ইফালে হাৰিয়ানা আৰক্ষীয়েও এই প্ৰতিবাদী কৃষকসকলক বিভিন্নধৰণে বাধা প্ৰদান কৰিছে।

এনে পৰিস্থিতিৰ মাজতে অৱশ্যে আজি পঞ্জাৱত প্ৰতিবাদী কৃষকসকলৰ নেতৃত্বৰে কেন্দ্ৰীয় চৰকাৰৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ হৈ এই বৈঠকত অংশগ্ৰহণ কৰিব কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডা, বাণিজ্য আৰু উদ্যোগমন্ত্ৰী পীযুষ গোৱেল আৰু গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়।

সন্ধিয়া ৫ বজাত চণ্ডীগড়ত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত কেইবাটাও কৃষক সংগঠনৰ নেতৃত্ব উপস্থিত থাকিব। উল্লেখ্য, ইয়াৰ পূৰ্বে যোৱা ৮ আৰু ১২ ফেব্ৰুৱাৰীত দুখনকৈ বৈঠক অনুষ্ঠিত হৈছিল যদিও দুয়োখন বৈঠক ব্যৰ্থ হৈছে।আজিৰ বৈঠকতো যদি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ দাবী মানি নলয় তেন্তে প্ৰতিবাদ বন্ধ নোহয়। কৃষক সংগঠনসমূহৰ স্পষ্ট কথা তেওঁলোকৰ দাবী মানি লৈ কাৰ্যকৰী কৰিব লাগিব মোডী চৰকাৰে।