ৰাষ্ট্ৰীয়

বস্ত্ৰ উদ্যোগত ভয়াৱহ অগ্নিকাণ্ড : নিহত ৩ কৰ্মচাৰী

Asomiya Pratidin

ডিজিটেল ডেস্ক : বস্ত্ৰ উদ্যোগত ভয়াৱহ অগ্নিকাণ্ড। বুধবাৰে মহাৰাষ্ট্ৰৰ চোলাপুৰ জিলাৰ এটি বস্ত্ৰ প্ৰতিষ্ঠানত সংঘটিত অগ্নিকাণ্ডৰ ফলত ৩জন শ্ৰমিকৰ মৃত্যু হয়। জানিব পৰা মতে উক্ত বস্ত্ৰ প্ৰতিষ্ঠানটোৰ এটি ইউনিটত জুইৰ সূত্ৰপাত হয়।

ফলত প্ৰায়সমূহ ইউনিটতে জুই বিয়পি পৰে। অৱশ্যে একাংশৰ মতে এল পি জি চিলিণ্ডাৰৰে নিৰ্গত হোৱা গেছৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগমৰ অধীনস্থ বস্ত্ৰ উদ্যোগটোত বুধবাৰে পুৱতি নিশা সংঘটিত হয় অগ্নিকাণ্ড।

প্ৰতিষ্ঠানটোৰ বিষয়াই উল্লেখ কৰা মতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। খবৰ লাভ কৰিয়েই অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীলৈ আহি জুই নুমুৱাবলৈ সক্ষম হয় যদিও তেওঁলোকে প্ৰতিষ্ঠানটোৰ ভিতৰত আবদ্ধ হৈ থকা উক্ত কৰ্মচাৰী ৩জনক মৃত অৱস্থাত উদ্ধাৰ কৰে।