ৰাষ্ট্ৰীয়

ভাইজানৰ ঘৰত গুলীবৰ্ষণ কাণ্ড : ২ দুৰ্বৃত্তক গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : বলিউদৰ জনপ্ৰিয় অভিনেতা তথা ভাইজান চলমান খানৰ বান্দ্ৰাস্থিত গেলেক্সী এপাৰ্টমেণ্টৰ ওচৰত গুলীবৰ্ষণ কৰা দুই অভিযুক্তক সোমবাৰে নিশা মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে।

গুজৰাটৰ ভূজ অঞ্চলৰ পৰা আৰক্ষীয়ে উক্ত ঘটনাৰ অভিযোগত দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰে। চিচি টিভিত ধৰা পৰা মুখাৱয়ৱৰ ভিত্তিত দুই ধৃতক গ্ৰেপ্তাৰ কৰাত সহায় হয় বুলি আৰক্ষীয়ে ব্যক্ত কৰে।

আৰক্ষীৰ ভাষ্য অনুসৰি দুয়োগৰাকীৰ ঘৰ বিহাৰত। এজনৰ নাম বিকাশ আলিয়াছ বিকি চাহাব গুপ্তা(২৪) আৰু আনজনৰ নাম সাগৰ শ্ৰীযোগেন্দ্ৰ পাল(২১) বুলি ব্যক্ত কৰে। ধৃত দুয়োকে আজি মুম্বাই আদালতত হাজিৰ কৰোৱা হ'ব।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ভাইজানৰ ঘৰৰ বাহিৰৰ দেৱালত তদন্তকাৰী আৰক্ষীৰ দলে পাইছিল গুলীৰ চিহ্ন। কেৱল সেয়াই নহয়- অভিনেতাজনৰ ঘৰৰ বেলকনিতো গুলীয়ে স্পৰ্শ কৰিছিল।

এইসমূহ তথ্য লাভ কৰাৰ পাচতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তুলিছিল। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী একনাথ সিন্ধেও চলমান খানৰ নিৰাপত্তা আৰু তদন্তৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিছিল।

উক্ত ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে চলমান খানৰে টেলিফোনিক বাৰ্তালাপযোগে খবৰো লৈছিল। অভিনেতাগৰাকীৰ জীৱনৰ প্ৰতি অহা এই শংকা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা তথা সুৰক্ষা আৰু অধিক উন্নীত কৰাৰ কথা ব্যক্ত কৰিছিল।