ৰাষ্ট্ৰীয়

আৰম্ভ হৈছে জম্মু-কাশ্মীৰৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব : ভোটাধিকাৰ সাৱ্যস্ত কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ৩টা পৰ্যায়ত অনুষ্ঠিত হ’ব লগা ভোটগ্ৰহণ পৰ্বৰ আজি আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। বুধবাৰে ৰাজ্যখনৰ ৭খন জিলাৰ ২৪টা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া।

আজিৰ এই ভোটগ্ৰহণত ২৩.২৭লাখ ভোটাৰে নিৰ্ণয় কৰিব ২১৯ জন প্ৰাৰ্থী ভাগ্য। প্ৰাৰ্থীসকলৰ ভিতৰত ৯০ গৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লগা এই নিৰ্বাচনত ৯০ টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটদান পৰ্ব।

ৰাজ্যখনৰ সাধাৰণ নিৰ্বাচনকলৈ ইতিমধ্যে আৰক্ষী-প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সংঘটিত হ’ব নোৱাৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০১৯ চনৰ আগষ্টত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত জম্মু আৰু কাশ্মীৰত এইটো প্ৰথম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। ইফালে ৰাজ্যখনৰ ভোটাৰসকলক ভোটদান কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনাইছে আহ্বান।

টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব আৰম্ভ হৈছে। সকলো ভোটাৰক বৃহৎ সংখ্যাত ভোট দান কৰিবলৈ আৰু গণতন্ত্ৰৰ উৎসৱ শক্তিশালী কৰিবলৈ আহ্বান জনাইছো। মই বিশেষকৈ যুৱ আৰু প্ৰথমবাৰৰ বাবে ভোটাৰসকলক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছো।