ৰাষ্ট্ৰীয়

৫দিনৰ বাবে ইডিৰ জিম্মাত প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ

Asomiya Pratidin

ডিজিটেল ডেস্ক : আৰু ৫দিনৰ বাবে ই ডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণক। শুকুৰবাৰে বিশেষ আদালতে তেওঁক ৫দিনৰ বাবে ই ডিৰ জিম্মালৈ প্ৰেৰণ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী সন্মুখীন হ'ব লাগিব মাৰথান জেৰাৰ।

ইতিমধ্যে হেমন্ত ছোৰেণক জেৰা চলোৱাৰ প্ৰাক-মুহূৰ্তত ই ডিৰ কাৰ্যালয়ৰ চৌপাশে বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। জিম্মা লাভৰ পিছতে তেওঁক বিৰচা মুণ্ডা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা নিৰাপত্তা বেষ্টনীৰ মাজাৰে ই ডিৰ কাৰ্যালয়লৈ নিয়া হ'ব।

উল্লেখ্য যে ভূমি কেলেংকাৰীকে ধৰি একাধিক গোচৰত অভিযুক্ত ছোৰেণক দুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল। দিল্লীস্থিত হেমন্ত ছোৰেণৰ বাসগৃহৰ পৰা ই ডিয়ে জব্দ কৰিছিল দুখন বিলাসী বাহনৰ লগতে নগদ ৩৬লাখ টকা।