ৰাষ্ট্ৰীয়

কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ'মেন চাণ্ডীৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্ক : কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ'মেন চাণ্ডীৰ মৃত্যু। ১৯৪৩ চনৰ ৩১ অক্টোবৰত জন্মগ্ৰহণ কৰা অ'মেন চাণ্ডী ৭৯ বছৰ বয়সত মঙলবাৰে মৃত্যু হয়। বিগত কিছুদিন ধৰি স্বাস্থ্যজনিত বিভিন্ন সমস্যাত ভুগি আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে,কংগ্ৰেছ নেতা ৰাহুল গান্ধী,কেৰালাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী,কেৰালা কংগ্ৰেছৰ সভাপতি প্ৰমুখ্যে বিভিন্ন ৰাজনৈতিক দল,সংগঠন,ব্যক্তি,অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে। কিছুসময় পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী অ'মেন চাণ্ডীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বাংগালুৰুত উপস্থিত হৈছে ছোনীয়া গান্ধী,সভাপতি মল্লিকাৰ্জুন খাৰ্গে,ৰাহুল গান্ধী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আদিকে ধৰি ভালেসংখ্যক লোক।

উল্লেখ্য যে দুবাৰকৈ কেৰালাৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল অ'মেন চাণ্ডীয়ে। ১৯৭০ চনত তেওঁ ২৭ বছৰ বয়সতে পোন প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পিচতে পৰ্যায় ক্ৰমে ২০০৪ চনত পোন প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী পদত অলংকৃত কৰিছিল আৰু ২০১১-২৬ চনলৈকে দ্বিতীয়বাৰৰ বাবে কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে শাসনভাৰ লৈছিল।