চাৰি শীৰ্ষ মাওবাদীৰ আত্মসমৰ্পণঃ মূৰৰ মূল্য নিৰ্ধাৰণ কৰা আছিল ২০ লাখ টকা...  
ৰাষ্ট্ৰীয়

চাৰি শীৰ্ষ মাওবাদীৰ আত্মসমৰ্পণঃ মূৰৰ মূল্য নিৰ্ধাৰণ কৰা আছিল ২০ লাখ টকা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ বস্তাৰ ডিভিজনৰ আৰক্ষী আৰু চি আক পি এফৰ যৌথ বাহিনীৰ হাতত মঙ্গলবাৰে আত্মসমৰ্পণ কৰিছে দুই মহিলাসহ চাৰি মাওবাদীয়ে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই মাওবাদী কেইজনৰ মূৰৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল ২০ লাখ টকা।

সুকমা জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত কয় যে, দৰিদ্ৰ আদিবাসীৰ ওপৰত চি পি আই (মাওবাদী) শীৰ্ষ নেতৃত্বৰ দমন-উৎপীড়ন দেখি অতিষ্ঠ হৈ এই মাওবাদী নেতা-নেত্ৰী কেইজনে আত্মসমৰ্পণ কৰিছে।

আত্মসমৰ্পণ কৰা এই মাওবাদী কেইজনৰ ভিতৰত অন্যতম কৈলাশ ওৰফে কৱাচি দেৱ নিষিদ্ধ সংগঠনটোৰ মিলিটেৰী স্তম্ভ আৰু পিপলছ লিবাৰেচন গেৰিলা আৰ্মি (পি এল জি এ)ৰ ১০ নম্বৰ কোম্পানীৰ ডেপুটি কমাণ্ডাৰ। তেওঁৰ মূৰৰ মূল্য আছিল ৮ লাখ টকা।

ইয়াৰোপৰি আত্মসমৰ্পণকাৰী মাওবাদী কেইজনৰ মাজত আছে পি এল জি এৰ ৩০ নম্বৰ প্লাটুনৰ সদস্য ভঞ্জম হাদমা, দক্ষিণ বস্তাৰ আঞ্চলিক কমিটীৰ সদস্য সুক্কি মাদকম আৰু মহাৰাষ্ট্ৰৰ গড়ছিৰৌলী-ভমৰাগড় আঞ্চলিক কমিটীৰ সদস্য ৰাভা দেৱ। ইয়াৰে ভঞ্জম হাদমা আৰু সুক্কি মাদকমৰ মূৰৰ মূল্য আছিল ৫ লাখকৈ টকা। ৰাভা দেৱৰ মূৰৰ মূল্য আছিল দুই লাখ টকা।

আত্মসমৰ্পণকাৰী এই মাওবাদী চাৰিজনক চৰকাৰে প্ৰাথমিকভাৱে কিছু আৰ্থসাহায্য প্ৰদান কৰিব। জানিব পৰা মতে প্ৰাথমিকভাৱে তেওঁলোকক ২৫ হাজাৰকৈ টকা আৰ্থিক সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে পেকেজ ঘোষণা কৰিব।