ৰাম মন্দিৰৰ বাবে আহিছে দেশ-বিদেশৰ পৰা বিভিন্ন উপহাৰ 
ৰাষ্ট্ৰীয়

ৰাম মন্দিৰৰ বাবে আহিছে দেশ-বিদেশৰ পৰা বিভিন্ন উপহাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত অযোধ্যাত অনুষ্ঠিত হব 'প্ৰাণ প্ৰতিষ্ঠা'। এই অনুষ্ঠানৰ পূৰ্বে ৰাম মন্দিৰলৈ বিভিন্নজনে প্ৰেৰণ কৰিছে বিশেষ উপহাৰ। দেশ-বিদেশৰ পৰা প্ৰেৰণ কৰা উপহাৰ সমূহৰ ভিতৰত আছে ১০৮ ফুট দীঘল ধূপ কাঠি, ২,১০০ কিলোগ্ৰাম ওজনৰ এটা চাকি, সোণৰ ষ্টেণ্ড, ১০ ফুট ওখ তলা আৰু চাবি আৰু আঠখন দেশৰ সময় একেলগে দেখুওৱা ঘড়ী।

এই উপহাৰ প্ৰেৰণ কৰাসকলে আশা কৰিছে যে এই সামগ্ৰীসমূহ মন্দিৰত ব্যৱহাৰ কৰা হব। দেশৰ সকলো প্ৰান্তৰ পৰা আৰু আনকি বিদেশৰ পৰাও উপহাৰ আহি আছে। নেপালৰ জনকপুৰত সীতাজীৰ জন্মস্থানৰ পৰা ভগৱান ৰামৰ বাবে ৩,০০০ তকৈও অধিক উপহাৰ অযোধ্যা উপস্থিত আহি পাইছে। এই সপ্তাহত নেপালৰ জনকপুৰ ধাম ৰামজানকী মন্দিৰৰ পৰা প্ৰায় ৩০ খন বাহনত গহনা আৰু কাপোৰকে ধৰি উপহাৰসমূহ অযোধ্যালৈ পৰিবহন কৰা হৈছিল।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন কৰিব। এই অনুষ্ঠানৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে।