ৰাষ্ট্ৰীয়

কৰ্কট ৰোগৰ ঔষধত আৰোপ নহয় GST আনহাতে ২৮ শতাংশ কৰ বৃদ্ধি অনলাইন গেম, ঘোঁৰা দৌৰ আদিত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জিএছটি পৰিষদৰ ৫০ তম বৈঠক মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত হৈছিল। এই বৈঠকৰ সভাপতিত্ব কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। আজিৰ এই বৈঠকত অনলাইন গেমিং, ঘোঁৰা দৌৰ আৰু কেচিনোৰ ওপৰত ২৮ শতাংশ জিএছটি আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আনহাতে এতিয়াৰ পৰা চিনেমা হলত খাদ্য সস্তা হ'ব। জিএছটি পৰিষদে চিনেমা হলত খাদ্য সামগ্ৰীৰ ওপৰত জিএছটি হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। লগতে কৰ্কট ৰোগৰ ঔষধৰ ওপৰত জিএছটি আৰোপ নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। সংবাদমেলৰ জৰিয়তে নিৰ্মলা সীতাৰমনে সদৰি কৰে এই কথা।

সীতাৰমণে কয় যে জিএছটি পৰিষদৰ বৈঠকত কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত ঔষধ আৰু দুৰাৰোগ্য ৰোগত ব্যৱহৃত ঔষধক জিএছটিৰ আওতাৰ বাহিৰত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

ইয়াৰোপৰি চিনেমা হলত খাদ্যৰ জিএছটিৰ হাৰ ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। আগতে ইয়াৰ হাৰ ১৮ শতাংশ আছিল। ইয়াৰ উপৰিও আন কিছুমান সামগ্ৰীৰ ওপৰতো জিএছটি হ্ৰাস কৰা হৈছে।