ৰাষ্ট্ৰীয়

জ্ঞানব্যাপী মছজিদত জৰীপ পুনৰাম্ভ কৰাৰ নিৰ্দেশ এলাহবাদ উচ্চ ন্যায়ালয়ৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বাণাৰসৰ কাশী বিশ্বনাথ মন্দিৰৰ ওচৰত থকা প্ৰায় ১০০০ বছৰ পুৰণি জ্ঞানব্যাপী মছজিদত ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগক জৰীপ অব্যাহত ৰাখিবলৈ বুধবাৰে ৰায়দান দিয়ে এলাহবাদ উচ্চ ন্যায়ালয়ে । ২১ জুলাইত বাণাৰসৰ ন্যায়ালয়ে ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগক জ্ঞানব্যাপী মছজিদত জৰীপ চলোৱাৰ বাবে অনুমতি প্ৰদান কৰাৰ পাছতেই মছজিদ সমিতিয়ে ইয়াৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ দুৱাৰস্থ হৈছিল। ২৪ জুলাইত জৰীপ আৰম্ভ হৈছিল যদিও পৰিস্থিতিৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে জৰীপৰ কাৰ্য স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে।

বুধবাৰে জ্ঞানব্যাপী মছজিদ জৰীপ গোচৰত হিন্দু পক্ষক প্ৰতিনিধিত্ব কৰা বিষ্ণু শংকৰ জৈনে সাংবাদিকৰ আগত কয় যে, জ্ঞানবাপী মছজিদৰ এলেকাত জৰীপ আৰম্ভ হ'ব বুলি আলাহাবাদ উচ্চ ন্যায়ালয়ে জনাইছে আৰু অধিবেশন আদালতৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ে মানি লৈছে।

উল্লেখ্য যে ২০২১ চনত কেইগৰাকীমান হিন্দু মহিলাই বাণাৰসৰ ন্যায়ালয়ত জ্ঞানব্যাপী মছজিদৰ ভিতৰত পূজা কৰাৰ বাবে অনুমতি বিছাৰি কৰা আৱেদনৰ পাছতেই এই বিষয়টোৱে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল।পৰৱৰ্তী সময়ত বাণাৰস ন্যায়ালয়ে মছজিদত জৰীপৰ বাবে অনুমতি প্ৰদানৰ পাছতেই  মছজিদ কতৃপক্ষই এই নিৰ্দেশনাৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। উচ্চতম ন্যায়ালয়ে এলাহবাদ উচ্চ ন্যায়ালয়ক বিষয়টো বিচাৰ কৰাৰ নিৰ্দেশ দিয়ে।

এলাহবাদ উচ্চ ন্যায়ালয়ত মছজিদ সমিটীয়ে জৰীপৰ বিৰোধিতা কৰি যুক্তি দিছিল যে, এই মছজিদটো প্ৰায় ১০০০ বছৰ পুৰণি আৰু জৰীপত চলা খননৰ ফলত ইয়াৰ ক্ষতি হ'ব পাৰে। ইয়াৰ লগতে ঐতিহ্যমণ্ডিত মছজিদটোৰ তলত মন্দিৰ থকাৰ কোনো প্ৰমাণ নোহোৱাকৈ কেৱল অনুমানৰ ভিত্তিত জৰীপৰ অনুমতি প্ৰদান কৰাটো অবৈধ বুলি মন্তব্য প্ৰকাশ কৰে মছজিদ সমিতিয়ে।