ৰাষ্ট্ৰীয়

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰৰ পদত্যাগ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰৰ পদত্যাগ। মঙলবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীসভাৰ সৈতে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। জানিব পৰা মতে আজি দিনৰ প্ৰায় ১ বজাত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব।

ইয়াৰ পূৰ্বে বিধায়ক দলৰ এক বৈঠক হোৱাৰ সম্ভাৱণা আছে। এই বৈঠকত অৰ্জুন মুণ্ডা আৰু তৰুণ চুগ উপস্থিত থাকিব। সূত্ৰ অনুসৰি জানিব পৰা মতে মনোহৰ লাল খট্টৰ মুখ্যমন্ত্ৰী হৈয়ে থাকিব। লগতে আন দুজন উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে। ইয়াৰ লগতে হাৰিয়ানাত লোকসভা নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰো বিবেচনা কৰি আছে।

৯০ জনীয়া বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে ৪৬ খন আসনৰ প্ৰয়োজন । বৰ্তমান হাৰিয়ানা বিধানসভাত বিজেপিৰ ৪১ খন আসন, বিজেপিৰ লগত থকা নিৰ্দলীয়ৰ ৬ খন আসন, হাৰিয়ানাৰ লোকহিত পাৰ্টিৰ এখন, জেজেপিৰ ১০ খন, নিৰ্দলীয় ১ খন, ইণ্ডিয়ান নেশ্যনেল লোকদলৰ এখন আৰু কংগ্ৰেছপ ৩০ খন আসন আছে।