বিপদত হাৰিয়ানাৰ বিজেপি চৰকাৰঃ ৪ নিৰ্দলীয় বিধায়কে প্ৰত্যাহাৰ কৰিলে সমৰ্থন 
ৰাষ্ট্ৰীয়

বিপদত হাৰিয়ানাৰ বিজেপি চৰকাৰঃ ৪ নিৰ্দলীয় বিধায়কে প্ৰত্যাহাৰ কৰিলে সমৰ্থন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে হাৰিয়ানা বিজেপিত মোক্ষম আঘাত। ৰাজ্যখনৰ ৪ গৰাকীকৈ নিৰ্দলীয় বিধায়কে বিজেপিলৈ আগবঢ়োৱা সমৰ্থন প্ৰত্যাহাৰ কৰিছে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে কংগ্ৰেছক বাহিৰৰ পৰা সমৰ্থন জনোৱাৰ সিদ্ধান্ত লৈছে। ইয়াৰোপৰি তেওঁলোকে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতেই থাকিব বুলিও ঘোষণা কৰিছে।

এই নিৰ্দলীয় বিধায়ক কেইজন ক্ৰমে পুন্দ্ৰিৰ সমষ্টিৰ ৰন্ধীৰ গোলান, নিলোকেৰীৰ ধৰ্মপাল গোণ্ডাৰ, দাদৰিৰ সোমবীৰ সিং ছাংৱান আৰু বাদশ্বাহপুৰৰ ৰাকেশ দল্টাবাদ। এই চাৰিওগৰাকী বিধায়কে কিছুদিন পূৰ্বে বিজেপি চৰকাৰলৈ সমৰ্থন জনাইছিল।

এতিয়া তেওঁলোকে কংগ্ৰেছক প্ৰত্যক্ষভাৱে সমৰ্থন জনাব নোৱাৰে। তেনে কৰিলে দল ত্যাগ আইনৰ আওঁতালৈ আহিব পাৰে। সেয়ে তেওঁলোকে বাহিৰৰ পৰাই কংগ্ৰেছক সমৰ্থন জনাব বুলি ঘোষণা কৰিছে।

আজি এই চাৰিগৰাকী বিধায়কৰ ভিতৰত তিনিগৰাকী নিৰ্দলীয় বিধায়কে হাৰিয়ানাৰ ৰৌহতকত উপস্থিত হৈ বিৰোধী দলৰ নেতা ভূপেন্দ্ৰ সিংৰ সৈতে এক সংবাদ মেলত অংশগ্ৰহণ কৰে। আনগৰাকী নিৰ্দলীয় বিধায়কে শীঘ্ৰেই আনুষ্ঠানিকভাৱে তেওঁৰ মন্তব্য প্ৰকাশ কৰিব বুলি জনাইছে।

সংবাদ মেলখনত বিৰোধী দলৰ নেতা ভূপেন্দ্ৰ সিং হুড্ডাৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ সভাপতি উদয় ভানোও উপস্থিত আছিল। নিৰ্দলীয় বিধায়ক কেইজনে নেয়াব সিং ছাইনীৰ নেতৃত্বাধীন হাৰিয়ানা চৰকাৰৰ পৰা তেওঁলোকৰ সমৰ্থন প্ৰত্যাহাৰৰ কথা উল্লেখ কৰি ইয়াৰ কাৰণ হিচাপে বৰ্ধিত মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা আদি দিশৰ কথা উল্লেখ কৰে।

তিনিওগৰাকী বিধায়কে তেওঁলোকৰ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ ফলত এতিয়া শাসকীয় বিজেপি চৰকাৰখন বিপদত পৰিছে। মাত্ৰ কেইদিনমান পূৰ্বে এই চৰকাৰখনে সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দি উঠিছিলহে।

কংগ্ৰেছ নেতা ভূপেন্দ্ৰ সিং হুড্ডাই তিনিওগৰাকী নিৰ্দলীয় বিধায়কক কংগ্ৰেছক সমৰ্থন দিয়াৰ বাবে ধন্যবাদ জনাই কয় যে, বিধায়ক তিনিওগৰাকীৰ সিদ্ধান্তই স্পষ্ট কৰে যে, বৰ্তমানৰ চৰকাৰৰ প্ৰতি জনসাধাৰণৰ মোহ ভংগ হৈছে। জনমতক লক্ষ্য কৰিয়েই এই তিনিওগৰাকীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে।

তেওঁ সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰা বুলিও উল্লেখ কৰি কংগ্ৰেছৰ সপেক্ষে এতিয়া দেশত ঢৌ বৈছে বুলি কয়।