হাৰিয়ানাত শেষ বিজেপিৰ দিন! কংগ্ৰেছৰ মুখত ৰাষ্ট্ৰপতিৰ শাসনৰ কথা... 
ৰাষ্ট্ৰীয়

হাৰিয়ানাত শেষ বিজেপিৰ দিন! কংগ্ৰেছৰ মুখত ৰাষ্ট্ৰপতিৰ শাসনৰ কথা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোৰপৰাই অস্থিৰ হৈ পৰা হাৰিয়ানাৰত বিজেপি চৰকাৰৰ দিন শেষ হোৱাৰ দিশত। ৰাজ্যখনত নায়াব সিং ছাইনীৰ নেতৃত্বাধীন চৰকাৰখনে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে পুনৰ দাবী কৰিছে কংগ্ৰেছে।

আজি এক সংবাদ সংস্থাৰ সৈতে মত বিনিময় কৰাৰ সময়ত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে হাৰিয়ানাত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে।তেওঁ কয়, ''তিনি নিৰ্দলীয় বিধায়কে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে। এয়া ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিবলৈ উপযুক্ত সময়।''

তেওঁ কয়,''বিজেপিয়ে অপাৰেচন লটাছ চলাব বাবে। যোৱা ১০ বছৰে যি কৰি আহিছে সেয়া কৰিব পাৰে। কিন্তু হাৰিয়ানাত বিজেপিৰ দিন শেষ হৈছে। হাৰিয়ানাত বিজেপি সিমান দিনৰেই অতিথি যিমান দিন কেন্দ্ৰত অতিথি।''

জয়ৰাম ৰমেশেৰ এনে দাবীৰ বিপৰীতে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনীয়ে দাবী কৰি আহিছে যে, তেওঁৰ চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুওৱা নাই। তেওঁ বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ লক্ষম।  

উল্লেখ্য যে, তিনি নিৰ্দলীয় বিধায়কে আনুষ্ঠানিকভাৱে হাৰিয়ানাৰ বিজেপি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছতে আন এগৰাকী নিৰ্দলীয় বিধায়কেও সমৰ্থন প্ৰত্যাহাৰ কৰিব বুলি দাবী কৰিছে। সমান্তৰালকৈ হাৰিয়ানা বিধানসভাত ১০ জনকৈ বিধায়ক থকা জেজেএম দেও বিজেপিক সমৰ্থন নজনাই বুলি স্পষ্টকৈ ঘোষণা কৰিছে। এনে পৰিস্থিতিত কংগ্ৰেছ আৰু জেজেএমে দাবী কৰিছে ৰাজ্যখনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে।