ৰাষ্ট্ৰীয়

প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ অন্তত দেশৰ ৰাজধানীত ধাৰাসাৰ বৰষুণ : স্বস্তিৰ নিশ্বাস দিল্লীবাসীৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : এজাক বৰষুণে ধু্ই থৈ গ'ল দিল্লীক। ধূলিৰ ওৰণি গুচাই অৱশেত মূষলধাৰ বৰ্ষাই ধুৱাই নিলে দেশৰ ৰাজধানীক। বিগত কিছুদিন ধৰি প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে দহিছে দিল্লীবাসীক।

এনে সময়তে শুকুৰবাৰে পুৱাই আহিল এজাক ধাৰাসাৰ বৰষুণ। অত দিনে যেন অপেক্ষা কৰি কৰি থকা বৰষুণজাকে প্ৰাণ দিলে দিল্লীৰ তৰু-তৃণকে ধৰি সৰ্বসাধাৰণক ! কাৰ্যতঃ স্বস্তিৰ নিশ্বাস এৰিছে দিল্লীবাসীয়ে।

অৱশ্যে গৰমৰ পৰা পৰিত্ৰাণ পালেও দিল্লীৰ কোনো কোনো অঞ্চলত হোৱা কৃত্ৰিম বানে জুৰুলা কৰিছে একাংশক। অফিছ-কাছাৰী তথা স্কুল-কলেজলৈ যোৱা লোকসকল বানপানীৰ বাবে সমস্যাৰ সন্মখীন হৈছে।

ধাৰাসাৰ বৰষুণৰ ফলত দিল্লী বিমান বন্দৰৰ ১নং টাৰ্মিনেলত পানী জমা হৈছে। যাৰ বাবে তীব্ৰ যান-জঁটৰ সন্মুখীন হৈছে যাত্ৰীসকল। ইয়াৰোপৰি কৃত্ৰিম বানপানীৰ বাবে দিল্লী, নয়ডা আৰু গুৰুগ্ৰামত এতিয়াও যাত্ৰীসকল ৰাস্তাতে আৱদ্ধ হৈ থকা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমযোগে জানিব পৰা গৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী ৭দিনৰ বাবে দিল্লীৰ আকাশ ডাৱৰীয়া হোৱাৰ উপৰি বৰষুণ আৰু ধুমুহা বতাহৰ আগজাননী দিছে।