ৰাষ্ট্ৰীয়

ধাৰাসাৰ বৰষুণ : দিল্লীৰ কেইবাঠাইত স্তব্ধ যাতায়ত

Asomiya Pratidin

ডিজিটেল ডেস্ক: দেশৰ আন আন ৰাজ্যৰ লগতে ৰাজধানী দিল্লীতো সৃষ্টি হৈছে ধাৰসাৰ বৰষুণ। নেৰা-নেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানপানীত বুৰ গৈছে ৰাজধানী দিল্লীৰ কেইবাটাও বাট-পথ।

শনিবাৰে অহা প্ৰবল বৃষ্টিপাতৰ ফলত চহৰখনৰ ৰবীন্দ্ৰ নগৰ, কনট প্লেচ, মিণ্টো ব্ৰিজ আদি অঞ্চলসমূহৰ বাট-পথ কৃত্ৰিম বানত বুৰ যায়। ফলত সাধাৰণ জনতাৰ অহা-যোৱা কৰাৰ বাবে সমস্যাৰ সন্মুখীন হয়।

জানিব পৰা মতে উক্ত অঞ্চলসমূহৰ বাবে আৰক্ষী-প্ৰশাসনে লৈছে বিশেষ ব্যৱস্থা। কোনো যাত্ৰীয়ে যাতে একো অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে মিণ্টো ব্ৰিজৰ একাধিক পথত আৰক্ষীয়ে বেৰিকেডৰ ব্যৱস্থা কৰি দিয়ে। ইতিমধ্য়ে আৰক্ষী-প্ৰশাসনে উক্ত অঞ্চলটোত যান-বাহন চলাচলৰ বন্ধ কৰাৰ বাবে বেৰিকেডৰ ব্যৱস্থা কৰিছে।