পুনেত ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনাঃ দুই পাইলট, অভিযন্তাৰ মৃত্যু... 
ৰাষ্ট্ৰীয়

পুনেত ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনাঃ দুই পাইলট, অভিযন্তাৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুৱাই সংঘটিত হ'ল এক ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনা। মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হোৱা এই হেলিকপ্টাৰ দুৰ্ঘটনাত তিনিজনকৈ লোকে প্ৰাণ হেৰুৱাইছে।

জানিব পৰা মতে পুনেৰ বাৱধানত সংঘটিত হোৱা এই হেলিকপ্টাৰ দুৰ্ঘটনাস্থলীত দুখনলৈ এম্বুলেঞ্চ আৰু চাৰিখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈছে। অৱশ্যে ইতিমধ্যে হেলিকপ্টাৰখন সম্পূৰ্ণৰূপে ধ্বংস হৈছে।

ঘটনাস্থলীত উপস্থিত হৈছে বাৱধানৰ শীৰ্ষ আৰক্ষী বিষয়াসকলো। ঘটনাত নিহত ৩ জন ব্যক্তিৰ মাজৰ ২ জন হেলিকপ্টাৰখনৰ পাইলট আৰু এগৰাকী অভিযন্তা।

পাইলট দুগৰাকীৰ নাম ক্ৰমে পৰমজিত সিং আৰু জি কে পিল্লাই। অভিযন্তাগৰাকীৰ নাম প্ৰীতম ভৰদ্বাজ।

পুৱা প্ৰায় ৬-৪৫ বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাত পতিত হেলিকপ্টাৰখন আছিল পুনেৰ হেৰিটেজ এভিয়েচনৰ। ইয়াৰ পঞ্জীয়ন নম্বৰ ভিটি ইভিভি।