পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে হেমন্ত ছোৰেনে... 
ৰাষ্ট্ৰীয়

পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে হেমন্ত ছোৰেনে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে হেমন্ত ছোৰেনে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ কাৰ্যকৰী অধ্যক্ষ হেমন্ত ছোৰেনে বৃহস্পতিবাৰে ৰাজভৱনত মুখ্যমন্ত্ৰী হিচাপে পদ আৰু গোপনীয়তাৰ শপতগ্ৰহণ কৰে।

উল্লেখ্য যে, ভূমি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি হেমন্ত ছোৰেনে মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিছিল চম্পাই ছোৰেনক। বুধবাৰে চম্পাই ছোৰেনে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত আজি পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে।

যোৱা ৩১ জানুৱাৰীত ইডিয়ে সাত ঘণ্টাৰো অধিক সোধপোছৰ অন্তত হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পূৰ্বেই হেমন্ত ছোৰেনে ৰাজভৱনলৈ গৈ পদত্যাগ পত্ৰ দাখিল কৰিছিল।

হেমন্ত ছোৰেনৰ পদত্যাগৰ পাছত ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়ক দলৰ নেতা হিচাপে চম্পাই ছোৰেন নিৰ্বাচিত হৈছিল। ৫ ফেব্ৰুৱাৰীত তেওঁ ৪৭ গৰাকী বিধায়কৰ সমৰ্থনত বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দাঙি ধৰে আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয়।

ইফালে যোৱা ২৮ জুনত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে কথিত ভূমি কেলেংকাৰী আৰু ইয়াৰ সৈতে জড়িত অবৈধ ধনৰ লেনদেনৰ গোচৰত হেমন্ত ছোৰেনক জামিন প্ৰদান কৰে। এই জামিনৰ বিৰুদ্ধে ইডিয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও সেই দিনাই বিয়লি হেমন্ত ছোৰেন কাৰাগাৰৰ পৰা বাহিৰলৈ আহে।

যোৱা ৩ জুলাইত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত থকা চম্পাই ছোৰেনৰ আৱাসত বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে পুনৰ হেমন্ত ছোৰেনক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰিয়েই চম্পাই ছোৰেন পদত্যাগ কৰে আৰু হেমন্ত ছোৰেন বিধায়িনী দলৰ নেতা হিচাপে মুখ্যমন্ত্ৰীত্বৰ শপত গ্ৰহণ কৰে।