বিশ্ববজাৰত চাহিদা অনুসৰি নাই ইলিছৰ যোগানঃ সুযোগ লোৱাত ব্যৰ্থ ভাৰত.... 
ৰাষ্ট্ৰীয়

বিশ্ববজাৰত চাহিদা অনুসৰি নাই ইলিছৰ যোগানঃ সুযোগ লোৱাত ব্যৰ্থ ভাৰত....

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশ্বৰ মাছৰ বজাৰখনত ইলিছ মাছৰ এক সুকীয়া স্থান আছে। বিশেষকৈ মাছ প্ৰিয় বেংগলী ৰাইজৰ ৰন্ধনগৃহত ইলিছ মাছে যি স্থান দখল কৰিছে সেই স্থান আন কোনো মাছে দখল কৰিবলৈ সক্ষম হোৱা নাই।

এনে পৰিস্থিতিতে বিশ্বৰ যি স্থানতেই নাথাকক কিয় বেংগলী মানুহখিনিয়ে ইলিছ মাছৰ সোৱাদৰ পৰা বঞ্চিত হোৱা নাই। বহু বিদেশী ৰাষ্ট্ৰলৈ এই মাছ যোগান ধৰি আহিছে বাংলাদেশ আৰু ভাৰতে।

কিন্তু বাংলাদেশৰ বৰ্তমানৰ ৰাজনৈতিক অস্থিৰতাৰ পৰিবেশত বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ইলিছ মাছৰ ৰপ্তানিত যথেষ্ট প্ৰভাৱ পৰিছে। এনে প্ৰভাৱৰ ফলত ভাৰতে এই বজাৰৰ এটা অংশ দখল কৰাৰ এক সুযোগ লাভ কৰিছিল যদিও সেই সুযোগ ধৰি ৰখাত ব্যৰ্থ হৈছে।

অভিযোগ অনুসৰি পশ্চিমবংগৰ পৰা ইলিছ ৰপ্তানিৰ বাবে ৰাজ্যখনৰ চাহিদা অনুসৰি হ্ৰাস পাইছে ইলিছ। সেয়ে বঙালী জনতাই পূৰ্বতকৈ অধিক মূল্যত ইলিছ ক্ৰয় কৰিবলগীয়া হৈছে। কিন্তু শেহতীয়াকৈ ৰপ্তানি বজাৰতো হ্ৰাস পাইছে বংগৰ ইলিছ মাছ।

একাংশ বিশেষজ্ঞৰ মতে বিশ্ব বজাৰৰ ইলিছৰ সৰ্ববৃৎ যোগানকাৰী বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ বাবেই বিশ্ব বজাৰলৈ অধিক পৰিমাণে ইলিছ যোগান ধৰি বংগৰ মৎস্য ব্যৱসায়ীৰ বৃহৎ আয়ৰ এক সুযোগ সৃষ্টি হৈছিল। কিন্তু সেই সুযোগ ধৰিব নোৱাৰিলে।

বংগৰ বাণিজ্যিক মন্ত্ৰণালয়ৰ এক সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি চলিত অৰ্থ বৰ্ষৰ মাৰ্চ পৰ্যন্ত পশ্চিমবংগৰ পৰা ইলিছ ৰপ্তানি হৈছে মাত্ৰ ২৯০ কেজি। এনে নামমাত্ৰ ৰপ্তানিৰ কাৰণ হৈছে বংগৰ বজাৰত থকা ইলিছৰ চাহিদা।

যোৱা অৰ্থ বৰ্ষত বংগৰ পৰা ইলিছ ৰপ্তানি হৈছিল ১৪৫০ কেজি। তাৰ পূৰ্বে ৰপ্তানি হৈছিল ২৮৫ কেজি। ২০২১-২২ অৰ্থ বৰ্ষত ৰপ্তানি হৈছিল ১৯,৮০০ কেজি। অৱশ্যে সেই বছৰত অধিকাংশ ইলিছ ৰপ্তানি হৈছিল আকৌ বাংলাদেশলৈয়ে।

সেই বছৰ বাংলাদেশত ঘূৰ্ণি বতাহে ব্যাপক প্ৰভাৱ পেলাইছিল। ফলত দেশখনৰ কেইবাটাও প্ৰান্তত ইলিছ মাছৰ বজাৰখনৰ ব্যাপক ক্ষতি হৈছিল। এনে পৰিস্থিতিতে বংগৰ পৰাহে তেওঁলোকে ইলিছ আমদানি কৰিবলৈ বাধ্য হৈছিল। বৰ্তমান বংগৰ পৰা ইলিছ কেৱল ৰপ্তানি হয় মূলতঃ ইংলেণ্ড আৰু ইউৰোপলৈ।

এই সন্দৰ্ভত দীঘা ফিচাৰমেন এণ্ড ট্ৰেডাৰ্ছ এছোচিয়েছনৰ সম্পাদক শ্যামসুন্দৰ দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয়, ভাৰতৰ পৰা অতি কম পৰিমাণৰ ইলিছ ইউৰোপ-অষ্ট্ৰেলিয়ালৈ যায়। মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ পৰাও কিছু পৰিমাণে ৰপ্তানি হয়। কিন্তু সিংহভাগেই যায় বংগৰ পৰা।

তেওঁৰ মতে সৰু ইলিছ ধৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আনি এখন কঠোৰ আইন তৈয়াৰ নকৰিলে ইলিছৰ ৰপ্তানি বৃদ্ধি অসম্ভৱ। তেওঁৰ দাবী বংগত এনে আইন আছে যদিও ওড়িষ্যাত নাই। কেন্দ্ৰই পদক্ষেপ গ্ৰহণ কৰিলে কিছু বছৰতে ভাৰতে ঘৰুৱা বজাৰৰ চাহিদা পূৰণ কৰিও বিদেশলৈয়ো ইলিছ যথেষ্ট পৰিমাণে ৰপ্তানি কৰিব পাৰিব।

উল্লেখ্য, বিশ্ব বজাৰলৈ সৰ্বাধিক ইলিছ ৰপ্তানি কৰি আহিছে বাংলাদেশে। কিন্তু শেহতীয়াকৈ চাহিদা বৃদ্ধি হ'লেও বাংলাদেশে অকলেই সেই চাহিদা পূৰণ কৰিবলৈ অসমৰ্থ হৈ পৰিছে। দেশখনৰ পৰা ৰপ্তানি হোৱা ইলিছৰ পৰিমাণো হ্ৰাস পাইছে।

২০১৯ লৈকে প্ৰতিবছৰে বাংলাদেশৰ পৰা ৫০০ মেট্ৰিক টন ইলিছ ৰপ্তানি হৈ আহিছিল যদিও ২০১৯ ৰ পৰা ২০২৩ লৈ এই ৰপ্তানিৰ পৰিমাণ প্ৰতিবছৰে ৩,৯৫০ মেট্ৰিক টনলৈ হ্ৰাস পাইছে। চলিত বছৰত এই ৰপ্তানিৰ পৰিমাণ আৰু অধিক হ্ৰাস পোৱাৰে সম্ভাৱনা আছে।