ৰাষ্ট্ৰীয়

হিমাচলত বন্ধ সহস্ৰাধিক পথ; উদ্ধাৰ অৰ্ধ শতাধিক মৃতদেহ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশত অব্যাহত আছে ভূমিস্খলনৰ উদ্ধাৰ অভিযান। দেওবাৰৰ নিশাৰ পৰাই হিমাচল প্ৰদেশৰ ঠায়ে ঠায়ে প্ৰতিকূল বতৰৰ বাবে ভূমিস্খলনে দেখা দিয়াত বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে। বিশেষকৈ ৰাজ্যখনৰ চিমলাত উদ্ধাৰ অভিযান বৰ্তমান পৰ্যন্ত চলি আছে।

মঙলবাৰৰ দিনা ৰাজ্যখনত ভূমিস্খলনৰ বাবেই স্থবিৰ কৰা হৈছিল স্বাধীনতা দিৱসৰ সাংস্কৃতিক কাৰ্যসূচী। প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰাত এই পৰ্যন্ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫৫জন লোকৰ মৃত্যু হোৱাৰ খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বতৰৰ বিধি-পথালিৰ বাবেই সোমবাৰে চিমলাত এটা শিৱ মন্দিৰ খহি পৰাৰ ফলত ৯ জন লোকে মৃত্যুক আঁকোৱালি লয়।

সমান্তৰালভাবে ৰাজ্যখনৰ চোলানত ডাৱৰ বিস্ফোৰণৰ বাবে ৭ জনকৈ লোকৰ মৃত্যুক হয়। এনে প্ৰাকৃতিক দুৰ্যোগৰ বাবে বৰ্তমানেও প্ৰশাসন তথা এছ ডি আৰ এফ, এন ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। কেইবাটাও কুকুৰৰ সহায়ত চলোৱা এই অভিযানত আৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰিছে বহু প্ৰয়োজনীয় তথ্য।

আনহাতে ভূমিস্খলনৰ বাবে পথতেই গছ-গছনি, ঘৰ আদি বাগৰি পৰাত ৰাজ্যখনৰ সৰু-বৰ ১,২২০ পথ বন্ধ হৈ থকাৰ কথাও প্ৰকাশ কৰিছে প্ৰশাসনে। ইয়াৰে প্ৰায় ৪০০টা পথ ইতিমধ্যেই মুকলি কৰি যাতায়তৰ বাবে সুচল কৰিছে। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে- ৰাজ্য প্ৰশাসনে যিকোনো ব্যয়ৰ বিনিময়ত উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰিব।