কাৰাগাৰত থাকিও গেংষ্টাৰ বিষ্ণয়ে কেনেকৈ চলাই আছে অপৰাধ সাম্ৰাজ্য? কিয় টাৰ্গেত ছলমান খান? 
ৰাষ্ট্ৰীয়

কাৰাগাৰত থাকিও গেংষ্টাৰ বিষ্ণয়ে কেনেকৈ চলাই আছে অপৰাধ সাম্ৰাজ্য? কিয় টাৰ্গেত ছলমান খান?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশজুৰি সন্ত্ৰাসৰ আন এক নাম হৈ পৰিছে লৰেন্স বিষ্ণই। এই বিষ্ণই গোটেই যোৱা শনিবাৰে মুম্বাইৰ মাজমজিয়াৰ বান্দ্ৰা অঞ্চলত গুলীয়াই হত্যা কৰিলে এন চি পি নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকিক।

এই হত্যাকাণ্ডৰ পাছতে দেশজুৰি চৰ্চাৰ শীৰ্ষত আছে গেংষ্টাৰ লৰেন্স বিষ্ণই। এন চি পি নেতাগৰাকীক হত্যা কৰি লৰেন্স বিষ্ণই গোটে এই হত্যাকাণ্ডৰ দায়িত্বও স্বীকাৰ কৰিছে।উল্লেখ্য যে, এই বিষ্ণই গোটৰ হাততেই মৃত্যু হৈছিল পঞ্জাৱৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালা। লৰেন্স বিষ্ণই গোটে প্ৰথমে হত্যাৰ ভাবুকি দি পাছত অতি নৃশংসভাৱে গুলীয়াই হত্যা কৰিছিল সিদ্ধু মুছেৱালাক।

এই একেটা গেংষ্টাৰ গেঙেই দীৰ্ঘদিনৰ পৰা বলিউড অভিনেতা ছলমান খানকো হত্যাৰ ভাবুকি দি আহিছে। মন কৰিবলগীয়া তেওঁলোকে হত্যা কৰা বাবা ছিদ্দিকি আছিল ছলমান খানৰ অতি ঘনিষ্ঠ।

কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল যি লৰেন্স বিষ্ণইৰ কথা চৰ্চা হৈ আছে সেই লৰেন্স বিষ্ণই এতিয়াও বন্দী হৈ আছে কাৰাগাৰত। গুজৰাটৰ সৱৰমতী কাৰাগাৰত বন্দী হৈ আছে গেংষ্টাৰগৰাকী।

তাৰ পূৰ্বে তেওঁ আছিল তিহাৰ কাৰাগাৰত। সেয়ে স্বাভাৱিকতে প্ৰশ্ন হৈছে লৰেন্স বিষ্ণই কাৰাগাৰত থকাৰ পাছতো কিদৰে তেওঁ বিভিন্ন অপৰাধমূলক কাম-কাজৰ নেতৃত্ব দিছে?

আৰক্ষীয়ে এই গোটেই ঘটনাৰাজিৰ তদন্ত কৰি শেহতীয়াকৈ এক নতুন তথ্য লাভ কৰিছে। লৰেন্স বিষ্ণই গেঙে ধন সংগ্ৰহ তথা ভাবুকি দিয়াৰ ক্ষেত্ৰত অনুসৰণ কৰি আহিছে ডাব্বা কলিং।

যোৱা কিছু মাহৰ পৰা দিল্লী, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আদিৰ আৰক্ষীয়ে এই ডাব্বা কলিং অপৰাধ অন্ত পেলাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই। এই ডাব্বা কলিং ব্যৱস্থাৰ জৰিয়তে ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰে বিদেশত থকা বা কাৰাগাৰত থকা গেংষ্টাৰসকলে।

এনেদৰে ডব্বা কলিংৰ জৰিয়তে ধন সংগ্ৰহ কৰা গেংষ্টাৰসকলৰ ভিতৰত অন্যতম লৰেন্স বিষ্ণই। তোৰপৰি এই পদ্ধতি অনুসৰণ কৰে গোল্ডী ব্ৰাৰ, ৰোহিত গোড্ডাৰ, অনমোল বিষ্ণই আদিয়ে।

আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এইসকলে যিসকল লোকক ধন দাবীৰ বাবে লক্ষ্য কৰি লয় তেওঁলোক বেছি ভাগেই ঠিকাদাৰ, ব্যৱসায়ী, বাহনৰ ব্যৱসায়ী, ক্লাব বা হোটেলৰ মালিক, অবৈধ কল চেণ্টাৰৰ মালিক, ৰাজনীতিবিদ আদি।

প্ৰথমে এই গেংষ্টাৰসকলে এনে এগৰাকী ব্যক্তি নিৰ্বাচিত কৰি তেওঁলোকক ধন দাবীৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰে। তাৰ পাছত তেওঁলোকে নিয়োগ কৰে দালাল।

গেংষ্টাৰসকলে স্থানীয় সহযোগীৰ সৈতে ইণ্টাৰনেট ব্যৱহাৰ কৰি ধন দাবীৰে ফোন কৰে। পাছত আন এক মোবাইল ফোন ব্যৱহাৰ কৰি অৰ্থাৎ ভয়ছ অভাৰ ইণ্টাৰনেট প্ৰোটকল ব্যৱহাৰ কৰি বিদেশ অথবা জে'লৰ পৰা ফোন কৰা এনে ব্যক্তিলৈ।

এনেধৰণৰ ফোন কলসমূহৰ বেছি ভাগেই ভাৰ্ছুৱেল প্ৰাইভেট নেটৱৰ্ক অৰ্থাৎ ভি পি এন ব্যৱহাৰ কৰি কৰা হয়। ভি পি এন ব্যৱহাৰ কৰি ব্যক্তিগৰাকী প্ৰকৃততে থকা স্থান লুকুৱাই ৰাখিব পাৰে।

তাৰ পাছত সকলো কথা বতৰা তেওঁলোকে সাংকেতিক চীহ্ন ব্যৱহাৰ কৰি আগবঢ়াই নিয়ে। যিহেতু গেংষ্টাৰৰ মোবাইলৰ পৰা ফোন নাহে সেয়ে আৰক্ষীৰ তদন্তয়ো তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে। এই ক্ষেত্ৰত নাথাকে কোনো প্ৰমাণ। সেয়ে ইয়াক কোৱা হয় ডাব্বা কলিং।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে আৰক্ষীৰ সূত্ৰৰ আধাৰত প্ৰকাশ কৰা খবৰ মতে যেতিয়া কোনো এজন ব্যক্তিক লক্ষ্য কৰি লৈ ধন দাবীৰে ফোন কৰে তেতিয়া যিসকলে ফোন কৰে তেওঁলোক ভিন্ন স্থানত থাকে। সকলোৰে মাজত থাকি কাম কৰে স্থানীয় দালালসকলে।

বিষ্ণই গোটে যোৱা বছৰ বছৰ ধৰি এনেদৰেই অপৰাধ সংঘটিত কৰি আহিছে। জে'লত থকাৰ পাছতো বিষ্ণইৰ অপৰাধ সাম্ৰাজ্যখন এতিয়াও চলি আছে। ইয়াৰ পৰিসৰ বহল হৈ পৰিছে।

২০২২ৰ ২৯ মে’ত জনপ্ৰিয় সংগীত শিল্পী সিদ্ধু মুছেৱালাক হত্যা কৰি এই গোট চৰ্চাৰ শীৰ্ষলৈ আহিছিল। ইয়াৰ পাছত ৫ ডিচেম্বৰত জয়পুৰৰ নিজৰ বাসগৃহতে বিষ্ণই গোটৰ হাতত প্ৰাণ হেৰুৱাইছিল সুখদেৱ সিং গোগামোডীয়ে। কানাডাত থকা পঞ্জাৱী গায়ক গিপ্পি গ্ৰেৱালো এই বিষ্ণই গেঙৰ আক্ৰমণ লক্ষ্য হৈ পৰিছিল।

এই বিষ্ণই গোটেই যোৱা সময়ছোৱাত বহু কেইবাৰ বলিউড ভাইজান ছলমান খানকো হত্যাৰ মুকলি ভাবুকি দি আহিছে। ২০১৮ ত সম্পথ নেহৰা নামৰ এগৰাকী পেছাদাৰী হত্যাকাৰী গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। এই পেছাদাৰী হত্যাকাৰীক ছলমান খানক হত্যা কৰিবলৈ নিয়োগ কৰিছিল লৰেন্স বিষ্ণই গেঙে।

২০২৩ ৰ ১৪ এপ্ৰিলত ছলমান খানৰ বাসগৃহৰ বাহিৰতো গুলী চলাইছিল দুৰ্বৃত্তই। এই ঘটনাত কোনো ক্ষতি হোৱা নাছিল যদিও লৰেন্স বিষ্ণই গোটেই ইয়াৰ সৈতে জড়িত আছিল।

এই খিনিতে প্ৰশ্ন হয় কিয় বাৰে বাৰে লৰেন্স বিষ্ণই গোটে ছলমান খানকো টাৰ্গেত কৰি লৈছে? ইয়াৰ অন্তৰালত আছে ছলমান খানৰ কৃষ্ণসাৰ হৰিণ হত্যাৰ বিষয়টো। ১৯৯৮ চনত ৰাজস্থানৰ জোধপুৰত 'হাম ছাথ ছাথ হ্যে' ছবিৰ শ্বুটিঙৰ সময়ত ছলমান খানে কৃষ্ণসাৰ হৰিণ চিকাৰ কৰা বুলি অভিযোগ উঠিছিল।

এই ঘটনাই বিষ্ণই সম্প্ৰদায়ৰ আৱেগত আঘাত কৰিছিল। কৃষ্ণসাৰ হৰিণক বিষ্ণই সম্প্ৰদায়ে অতি পবিত্ৰ বুলি মানি আহিছে। ২০১৮ ত ন্যায়ালয়ৰ মজিয়াতে লৰেন্স বিষ্ণয়ে ছলমান খানক হত্যা কৰিব বুলিও মুকলিকৈয়ে ভাবুকি দিছিল।

এইগৰাকী গেংষ্টাৰ লৰেন্স বিষ্ণই আৰু গোল্ডী ব্ৰাৰক এতিয়া বহুতেই ডাউড ইব্ৰাহিমৰ ডি কোম্পানীৰ সৈতে তুলনা কৰিবলৈ আৰম্ভ কৰিছে। বিষ্ণই গেং বহুতৰ বাবে হৈ পৰিছে সন্ত্ৰাসৰ অন্য এক নাম।