ৰাষ্ট্ৰীয়

কাকতলীয় সংযোগ নে ইতিহাসৰ প্ৰতিশোধ? ভূপাল গেছ ট্ৰেজেডীৰ দিনটোতে কংগ্ৰেছ পৰাস্ত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কাকতলীয় এক সংযোগ। ৩৯ বছৰৰ আগৰ এক দুৰ্ঘটনা পুনৰ আহিছে চৰ্চালৈ। ১৯৮৪ চনৰ ৩ ডিচেম্বৰতে সংঘটিত হৈছিল দেশৰ ইতিহাসৰ অন্যতম ক'লা দিন হিচাপে স্বীকৃতি লাভ কৰা ভূপাল গেছ ট্ৰেজেডী।

মধ্যপ্ৰদেশত কংগ্ৰেছ ক্ষমতাত থকাৰ সময়তে সংঘটিত হোৱা এই ভূপাল গেছ ট্ৰেজেডীৰ আজি বৰ্ষপূৰ্তী। এই বৰ্ষপূৰ্তীৰ দিনটোতে মধ্যপ্ৰদেশত কংগ্ৰেছক পুনৰ এবাৰ প্ৰত্যাখ্যান কৰিলে কংগ্ৰেছে। ৰাজ্যখনৰ ক্ষমতাৰ বাঘজৰি তুলি দিছে বিজেপিক।

আজিৰ পৰা ৩৯ বছৰ আগতে সংঘটিত হোৱা ভূপাল গেছ ট্ৰেজিডীৰ কথা এক্সত উল্লেখ কৰিছে শিৱৰাজ সিং চৌহানে। তেওঁ লিখিছে, ভূপাল গেছ দুৰ্ঘটনাই আমাৰ মাজৰ পৰা বহু মূল্যবান জীৱন কাঢ়ি নিছে। আটাইতকৈ ভয়াৱহ এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলোকে মই মোৰ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ঈশ্বৰৰ ওচৰত আমাৰ প্ৰাৰ্থনা, এনে এক অন্ধকাৰ নিশাৰ পুনৰাবৃত্তি কেতিয়াও নহওক আৰু সমাজ কেতিয়াও এনে ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন নহওক।'

উল্লেখ্য, ভূপাল গেছ ট্ৰেজেডীৰ সময়ত ৰাজ্যখনত আছিল কংগ্ৰেছৰ চৰকাৰ। সেই সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আছিল অৰ্জুন সিং। অৰ্জুন সিং তথা সেই সময়ৰ শাসনত থকা কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে অভিযোগ আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী ইউনিয়ন কাৰ্বাইডৰ মালিক পক্ষৰ স্বাৰ্থ ৰক্ষা কৰাৰ। এনে এটা দিনতে ৰাজ্যখনত কংগ্ৰেছে পৰাজয়ৰ ক্ষণ গণিব লগীয়া হোৱা বিষয়টো এতিয়া চৰ্চাৰ মাজলৈ আহিছে।