ৰাষ্ট্ৰীয়

কিয় নিজকে নোবেল বঁটাৰ বাবে যোগ্য বুলি ক'লে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে দিল্লীত আম আদমী পাৰ্টি আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা হয়। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইণ্ডিয়া মিত্ৰজোটক ভোট দিবলৈ জনতাক আহ্বান জনাইছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পানীৰ বৰ্ধিত বিল পৰিশোধ কৰিবৰ বাবে অনা ''ৱান টাইম চেটেলমেন্ট স্কিম'' স্থগিত ৰখাৰ বিৰুদ্ধে কাৰ্যকৰ্তাসকলৰ লগত বিৰোধ প্ৰদৰ্শনত ভাগ লয়। এই সময়চোৱাত তেওঁ দলৰ কাৰ্যকৰ্তাসকলক সম্বোধনো কৰে।

কেজৰিৱালে কয় যে, বিজেপিয়ে দিল্লীৰ উপ-ৰাজ্যপালক ব্যৱহাৰ কৰি আছে। মোৰ প্ৰতিটো কামত বাধা দি থকা হৈছে। মই বুজাব নোৱাৰে যে মই কি পৰিস্থিতিত কাম কৰি আছো। কিন্তু মই আপোনালোকৰ ল'ৰা, মই আপোনালোকৰ বাবে কাম ৰখিব নিদিও। যি কঠিন পৰিস্থিতিত মই কাম কৰি আছো মই ন'বেল পুৰস্কাৰ পাব লাগে।

কেজৰিৱালে কয় যে, দিল্লীত পানীৰ ভুল বিলৰ বাবে প্ৰায় ১১ লাখ পৰিয়াল অসুবিধাত পৰিছে। আমাৰ চৰকাৰে এই পানীৰ বিলবোৰ ঠিক কৰাৰ বাবে এটা আঁচনি লৈছিল। কিন্তু বিজেপিয়ে ষড়যন্ত্ৰ কৰি ইয়াক বন্ধ কৰিছে। আমি ইয়াৰ বিৰুদ্ধে যুঁজ দিম, আমি এই আঁচনিখন ৰূপায়ণ কৰিম।

তেওঁ কয়, মই চৰকাৰ খন কেনেদৰে চলাই আছো আপোনালোকে বুজিব নোৱাৰে, তেওঁলোকে আমাক কাম কৰিবলৈ নিদিয়ে। মই চৰকাৰ চলাই থকা পৰিস্থিতিৰ বাবে মই ন'বেল বঁটা পাব লাগে ।

তেওঁ কয়, এইবাৰ লোকসভাত যদি ৭ খন আসনতেই ইণ্ডিয়া মিত্ৰজোট জয়ী হয় তেন্তে সদনত আমি শক্তিশালী হ'ম আৰু তেতিয়া আমাক কাম কৰাৰ পৰা কোনোৱে ৰখাব নোৱাৰে। লগতে এয়াও কয় যে, পানীৰ বিল বেছিকৈ আহিলে পৰিশোধ কৰিব নালাগে।