IIT খড়গপুৰত কোনে গুলীয়াইছিল তিনিচুকীয়াৰ ফাইজানক ! ফৰেনছিক প্ৰতিবেদনত বিস্ফোৰক তথ্য... 
ৰাষ্ট্ৰীয়

IIT খড়গপুৰত কোনে গুলীয়াইছিল তিনিচুকীয়াৰ ফাইজানক ! ফৰেনছিক প্ৰতিবেদনত বিস্ফোৰক তথ্য...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আত্মহত্যা নহয়, হত্যা কৰা হৈছিল অসমৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদক। মৃত্যুৰ ২ বছৰ পাছত ফৰেনছিক প্ৰতিবেদনত প্ৰকাশ পালে এই বিস্ফোৰক তথ্য। ২০২২ ৰ ১৪ অক্টোবৰত হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছিল কলকাতাৰ খড়গপুৰ আই আই টিৰ তৃতীয়বৰ্ষৰ ছাত্ৰ ফাইজান আহমেদৰ উৱলি যোৱা মৃতদেহ।

প্ৰথম অৱস্থাত আই আই টি কৰ্তৃপক্ষই এয়া এক আত্মহত্যা বুলি উল্লেখ কৰিছিল যদিও পৰিয়ালে এয়া কোনো কাৰণতে আত্মহত্যা নহয় বৰঞ্চ হত্যাকাণ্ড বুলিহে দাবী কৰিছিল। অৱশেষত পৰিয়ালৰ সেই দাবীয়েই যেন সত্য প্ৰমাণিত হৈছে।

ফৰেনছিক প্ৰতিবেদনত বিস্ফোৰক তথ্য

শেহতীয়াকৈ দিল্লীৰ অৱসৰপ্ৰাপ্ত ফৰেনছিক বিশেষজ্ঞ অজয় কুমাৰ গুপ্তাই ফাইজান আহমেদৰ মৃত্যুৰ সন্দৰ্ভত দিছে বিস্ফোৰক প্ৰতিবেদন। তেওঁ ফাইজানৰ মৃত্যু সন্দৰ্ভত দিয়া প্ৰতিবেদনত উল্লেখ কৰিছে ফাইজানক কাণৰ ওচৰৰ পৰা গুলীয়াই হত্যা কৰা হৈছিল। তেওঁক ছুৰীৰে শৰীৰত আঘাত কৰা হৈছিল।

এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে এতিয়া ফাইজানৰ দুৰ্ভগীয়া পিতৃ-মাতৃৰ সন্দেহই সত্যা প্ৰমাণ হৈছে। সেয়ে পুনৰ পুত্ৰৰ হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে পিতৃ-মাতৃয়ে।

আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল আই আই টি কৰ্তৃপক্ষই

ফাইজানৰ মৃতদেহ হোষ্টেলৰ কোঠাত উদ্ধাৰৰ পাছতে তেওঁৰ পৰিয়ালে ঘটনা সন্দৰ্ভত উচিত তদন্ত দাবীৰে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপৰিও এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈয়ো পত্ৰ প্ৰেৰণ কৰিছিল। দাবী উত্থাপন কৰিছিল সমগ্ৰ ঘটনাৰ চি বি আইৰ তদন্তৰ।

পূৰ্বৰে পৰা ফাইজানক হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি অহা পৰিয়ালৰ কথাই সত্য প্ৰমাণিত হোৱাত এতিয়া বহু প্ৰশ্নৰ উদয় হৈছে। কি কাৰণত আই আই টি খড়গপুৰ কৰ্তৃপক্ষই ফাইজানৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত এয়া আত্মহত্যা বুলি প্ৰমাণ কৰিবলৈ আপ্ৰাণ চেষ্টাত লিপ্ত হৈছিল সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

মন কৰিবলগীয়া যে ২৩ বছৰীয়া ছাত্ৰজনৰ মৃত্যুৰ ৩ দিনৰ পিছতহে পৰিয়ালৰ লোকক অৱগত কৰিছিল আই আই টি কৰ্তৃপক্ষই। আই আই টি কৰ্তৃপক্ষৰ সৈতে একেই ভূমিকা লৈছিল স্থানীয় আৰক্ষীয়েও।

ফাইজানৰ মৃত্যু সন্দৰ্ভত আই আই টি কৰ্তৃপক্ষই পৰিয়ালক অৱগত কৰিছিল হোষ্টেলত আত্মহত্যাৰ কথা জনা নাছিল তেওঁলোকে। মৃতদেহ উৱলি যোৱাৰ পাছত গোন্ধ ওলোৱাত হে এই বিষয়ে অৱগত হয় তেওঁলোক।

কৰ্তৃপক্ষৰ এই কথা বিশ্বাসত লোৱা নাছিল পৰিয়ালে। কিয়নো ফাইজান আছিল আই আই টিখনৰ ৰাজেন্দ্ৰ প্ৰসাদ হোষ্টেলৰ আৱাসী। কিন্তু তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল লালা ৰাজপত ৰায় হোষ্টেলত।

সহযোগ কৰা নাছিল স্থানীয় আৰক্ষীয়ে

মেধাৱী ছাত্ৰ ফাইজানৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে পৰিয়ালৰ লোক গৈ নিৰ্দিষ্ট হোষ্টেলত উপস্থিত হৈছিল। ইয়াৰ পূৰ্বে তেওঁলোক উপস্থিত হৈছিলগৈ স্থানীয় আৰক্ষী থানাত।

কিন্তু সকলোকে আচৰিত কৰি স্থানীয় আৰক্ষীয়ে দুৰ্ভগীয়া পৰিয়ালটোক কোনোধৰণৰ সহযোগিতা নকৰাৰ অভিযোগ উঠে। সেয়ে বহুতৰে প্ৰশ্ন হয় ইমান এক গুৰুতৰ বিষয়টো কিয় চৰম দায়িত্বহীনতাৰ পৰিচয় দিছিল আৰক্ষীয়ে? ইয়াৰ আঁৰত আছিল নেকি কিবা ৰহস্য?

কলাকাতা উচ্চ ন্যায়ালয়ত চলি আছে গোচৰ

ফাইজান আহমেদৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাক হত্যাকাণ্ড আখ্যা দি কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল পিতৃ চেলিম আহমেদ। ইয়াৰ পিছতেই কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মেই ফাইজানৰ মৃত্যুৰ তদন্তৰ বাবে ফৰেনছিক পৰীক্ষা কৰিবলৈ তেওঁৰ মৃতদেহ কবৰৰ পৰা খান্দি উলিয়াই অনা হৈছিল।

কলকাতা উচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানি গ্ৰহণ কৰি খড়গপুৰ আই আইটিৰ সঞ্চালকগৰাকীকো এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। ইয়াৰোপৰি এই ঘটনা ৰেগিং আখ্যা দিছিল।

এই ৰেগিঙৰ সৈতে জড়িত শিক্ষাৰ্থীৰো নাম বিচাৰিছিল ন্যায়ালয়ে। ইফালে এই ঘটনাৰ তদন্ততে আই আই টিখনত দ্বিতীয় বৰ্ষৰ ছাত্ৰসকলক জ্যেষ্ঠ ছাত্ৰই শাৰীৰিক, মানসিক অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগো লাভ কৰে।

শেহতীয়াকৈ ফৰেনছিক প্ৰতিবেদনত ফাইজানক গুলীওৱাৰ উপৰিও ছুৰীৰে শৰীৰত আঘাত কৰা বিষয়টো স্পষ্ট হোৱাত এতিয়া ইয়াত কোনো সন্দেহ নাই যে এয়া এক হত্যাকাণ্ড আছিল। কিন্তু এতিয়াও পোহৰলৈ অহা নাই কোনে আৰু কিয় এই কাম কৰিলে?

এই ঘটনাক কিয় সাধাৰণ এক আত্মহত্যাৰ ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল আই আই টি কৰ্তৃপক্ষই? কিয় প্ৰকৃত ঘটনাক লুকুৱাব বিচাৰিছিল শৈক্ষিক প্ৰতিষ্ঠানখনে? কিয় স্থানীয় আৰক্ষীয়ে সহযোগিতা কৰা নাছিল ফাইজানৰ পৰিয়ালক?

এই হত্যাকাণ্ডৰ আঁৰত কেৱল ৰেগিঙেই নে আন কিবা ৰহস্য সোমাই আছে? এই সকলো প্ৰশ্নৰ উত্তৰ এই গোচৰৰ সঠিক তদন্তইহে উন্মোচন কৰিব। এতিয়া সকলো আদালতৰ ওপৰত।