ৰাষ্ট্ৰীয়

ধৰ্মীয় অসহিষ্ণুতা ক্ৰমান্বয়ে বিয়পি পৰিছে দেশত, জয় শ্ৰী ৰাম নোকোৱাৰ বাবে আক্ৰমণ ইমামক

Asomiya Pratidin

ডিজিটেল ডেস্ক : কোনো প্ৰগতিশীল দেশৰ বাবেই ধৰ্মীয় গোড়ামী তথা অসহিষ্ণুতা সমৰ্থিত কাৰক হ'ব নোৱাৰে কোনো ক্ষেত্ৰতেই । এই নূন্যতম জ্ঞান অৰ্জন কৰিবলৈ মানৱ সমাজক যেন প্ৰয়োজন হ'ব আন বহু শতিকা তথা সহস্ৰাধিকৰ ৰক্তক্ষৰণ । তাৰ পাছত হে যেন বুজি উঠিব ধৰ্মৰ নামত চলি থকা হিংসা, হত্যা কিমান অপ্ৰয়োজনীয় । সেইয়া লাগিলে হিন্দু ধৰ্মই হওক বা ইছলাম ধৰ্মই হওক অথবা আন কোনো ধৰ্মই হওক । সামগ্ৰিকভাৱে সমাজ হিচাপে আমি আজি অসফল ।

ধৰ্মীয় অসহিষ্ণুতা আৰু বিদ্বেষ ভাৰতৰ বাবে কোনো নতুন কথা নহয়, পূৰ্বেও এনে লজ্জাজনক ঘটনা সংঘটিত হৈছে দেশত । কিন্তু উদ্বেগজনকভাৱে এই ঘটনা সমূহ ক্ৰমান্বয়ে বৃদ্ধি পাইছে, যি ভাৰতৰ দৰে শান্তিুকামী, উন্নয়ণশীল দেশ এখনৰ বাবে মুঠেও কাম্য নহয় ।

ৰবিবাৰে সন্ধিয়া মহাৰাষ্ট্ৰত সংঘটিত হয় ঠিক তেনে এক ঘটনাই । মহাৰাষ্ট্ৰৰ ভোকাৰদান আৰক্ষী চকীৰ অন্তৰ্গত এটি মছজিদত সন্ধিয়াৰ উপাসনাৰ বাবে উপস্থিত হৈছিল এগৰাকী ইমাম । জাকিৰ ছৈয়দ খাজা নামৰ এইগৰাকী ইমামে পৱিত্ৰ ৰমজান মাহ উপলক্ষে কোৰাণ পাঠ কৰি থকাৰ মাজতেই এটি দল মছজিদৰ ভিতৰলৈ সোমাই আহি ইমাম গৰাকীক "জয় শ্ৰী ৰাম" বুলি ক'বলৈ দাবী জনাই । কিন্তু জাকিৰ ছৈয়দ এনে নকৰাত তেখেতক মছজিদৰ বাহিৰলৈ আনি শাৰীৰিক প্ৰহাৰ কৰে দলটিয়ে । কেৱল সেয়াই নহয় বৰং কোনো ৰাসায়নিক দ্ৰৱ্য মিহলি বস্ত্ৰৰ জৰিয়তে তেখেতক অচেতনো কৰা হয় ।

প্ৰায় ৩০ মিনিট পাছত মছজিদত উপস্থিত হোৱা আন লোকে ইমাম গৰাকীক তেনে অৱস্থাত প্ৰত্যক্ষ কৰাত নিকটৱৰ্তী চিকিৎসালয়লৈ লৈ যোৱা হয় ইমাম গৰাকীক । আনহাতে, ভোকাৰদান আৰক্ষী চকীত ৪৫২, ৩২৩ আৰু ৩২ নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।