ৰাষ্ট্ৰীয়

এই মাহতেই বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিব দুটা মহাজাগতিক পৰিঘটনা

Asomiya Pratidin

ডিজিটেল ডেস্ক : ছেপ্টেম্বৰ মাহতে দুটা ডাঙৰ পৰিঘটনাৰ সন্মুখীন হ’ব বিশ্ববাসী। বিশ্বই বছৰৰ দ্বিতীয়টো ছুপাৰমুন প্ৰতক্ষ্য কৰিবলৈ ওলাইছে। ইয়াৰ লগতে বিশ্ববাসীয়ে এইবৰ্ষৰ শেষৰটো চন্দ্ৰগ্ৰহণৰ বিস্ময়কৰ দৃশ্যও বিশ্ববাসীয়ে প্ৰতক্ষ্য কৰিব।

জ্যোতিৰ্বিজ্ঞানৰ এই পৰিঘটনা হ’ব ১৮ছেপ্টেম্বৰ অৰ্থাৎ অহা বুধবাৰে। ছুপাৰমুনৰ এই পৰিঘটনাত চন্দ্ৰ পৃথিৱীৰ অতি ওচৰত থাকিব। ১৮ ছেপ্টেম্বৰত মাজনিশা ১:৪১ বজাৰ পৰা পুৱতি নিশা ৫:৪৭ বজালৈ বিশ্বই এই বৰ্ষৰ দ্বিতীয়টো ছুপাৰমুন প্ৰতক্ষ্য কৰিব।

এই ডাঙৰ পৰিঘটনাটো প্ৰত্যক্ষ কৰিবলৈ পাহৰি নাযাব। কিয়নো পৃথিৱী আৰু চন্দ্ৰ নিজৰ কক্ষপথত ইটোৱে সিটোৰ অতি ওচৰলৈ অহাৰ লগে লগে আকাশখনত এক আচৰিত দৃশ্য দৃশ্যমান হ’ব। পৃথিৱীৰ পৰা চন্দ্ৰ মাত্র ৩৬১,৫৫২ কিলোমিটাৰ দূৰত থাকিব। তাৰ তুলনাত গড় দূৰত্ব ৩৮৪,৪৭২ কিলোমিটাৰ। ইয়াৰ আপেক্ষিক সান্নিধ্যৰ অৰ্থ হ'ল চন্দ্ৰটো আকাশত সাধাৰণতকৈ ডাঙৰ আৰু স্পষ্টকৈ দেখা যাব।

ইয়াৰোপৰি সেই দিনা পুৱা ৬:১২ বজাৰ পৰা আৰম্ভ হৈ পুৱা ১০:১৭ বজাত শেষ হ’ব শেষৰটো চন্দ্ৰগ্ৰহণ। চন্দ্রগ্রহণ আৰম্ভ হোৱাৰ সময়ত সমগ্ৰ ভাৰততে চন্দ্ৰ অস্ত যাব। সেয়ে ভাৰতৰ পৰা এই গ্রহণ দৃশ্যমান নহয়া যেতিয়া চন্দ্রগ্রহণ আৰম্ভ হ'ব তেতিয়া উত্তৰ পশ্চিম আৰু উত্তৰ দক্ষিণ ভাৰতত চন্দ্ৰ অস্ত যাব। গতিকে কিছু সময়ৰ বাবে এই অঞ্চলবোৰত চন্দ্ৰৰ পোহৰ ম্লান হৈ থাকিব।

উল্লেখযোগ্য যে নাছাৰ মতে সাধাৰণতে ডেৰ-দুবছৰৰ মূৰে মূৰেহে এনেকুৱা ঘটনা পৰিলক্ষিত হয়। ১৯৪০ চনৰ পৰা ব্লুমুন অথবা ছুপাৰমুন শব্দটো এটা মাহত দ্বিতীয় পূৰ্ণিমাৰ বাবেও ব্যৱহাৰ কৰা হয়।

সাধাৰণতে ডেৰ-দুবছৰৰ মূৰে মূৰেহে এনেকুৱা পৰিঘটনা হয় ৷ উল্লেখযোগ্য যে এই বছৰৰ প্ৰথমটো ছুপাৰমুন ১৯আগষ্টত পৰিলক্ষিত হৈছিল। আগন্তুক ১৭অক্টোবৰ আৰু ১৫ নৱেম্বৰত এই বছৰৰ আন দুটা ছুপাৰমুন বিশ্ববাসীয়ে প্ৰতক্ষ্য কৰিব।

চন্দ্ৰৰ পৰ্যায়সমূহৰ বিষয়ে ব্যাখ্যা কৰি মহাকাশ সংস্থাটোৱে আৰু কয় যে পূৰ্ণিমা চন্দ্ৰৰ মাজত প্ৰায় ২৯.৫ দিন ব্যৱধান থাকে, গতিকে ফেব্ৰুৱাৰী মাহত কেতিয়াও মাহেকীয়া ব্লুমুনৰ অভিজ্ঞতা নহ’ব ৷ কাৰণ ফেব্ৰুৱাৰীত সাধাৰণ বছৰত মাত্ৰ ২৮ দিন আৰু লিপইয়েৰত ২৯ দিন থাকে।

ছুপাৰমুনৰ কোনো আনুষ্ঠানিক সংজ্ঞা নাই আৰু কিছুমান জ্যোতির্বিজ্ঞানীয়ে ইয়াক অতিমাত্রা হাইপ কৰা বুলি মত প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও সকলো ছুপাৰমুন সমান নহয়, আৰু সংজ্ঞাৰ অভাৱৰ অর্থ হ'ল স্বাভাৱিকতকৈ অলপ ওচৰৰ চন্দ্ৰৰ বাবে এই শব্দটো ব্যৱহাৰ কৰিব পাৰি। ছুপাৰমুনে চন্দ্র আটাইতকৈ ম্লান অৱস্থাত থকাতকৈ প্রায় ৩০ শতাংশ বেছি পোহৰ পেলায় বুলি প্রাকৃতিক ইতিহাস সংগ্রহালয়ে প্রকাশ কৰিছে।

জ্যোতিষ শাস্ত্ৰ মতে, চন্দ্ৰগ্ৰহণৰ সময়ত দেৱ-দেৱীক উপাসনা কৰিব নালাগে। তাৰোপৰি খাদ্য বনোৱা আৰু খোৱাও হানিকাৰক এই সময়ছোৱাত। ইয়াৰোপৰি চন্দ্ৰগ্ৰহণ সময়ত খালী ঠাইত যাব নালাগে বুলি কয়। চন্দ্ৰগ্ৰহণৰ সময়ত কোনো শুভ কামৰ আৰাম্ভণী কৰিব নালাগে কিয়নো এই সময়ত নকাৰাত্মক শক্তি বৃদ্ধি হয়।

এই চন্দ্ৰগ্ৰহণত সুতক কাল নাই যদিও এই চন্দ্রগ্রহণে কম বেছি পৰিমাণে সকলো ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব। এই ৰাশিৰ লোক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰো আনহাতে কিছুমান মানুহৰ বাবে সেয়া শুভ বুলি প্রমাণিত হ'ব পাৰে।

এই চন্দ্রগ্রহণ মেষ, মিথুন ৰাশি, কর্কট, কন্যা, বৃশ্চিক, কুম্ভ আৰু মীন ৰাশিৰ লোকৰ বাবে ঋণাত্মক বুলি প্রমাণিত হ'ব যদিও বৃষ, সিংহ, ধনু আৰু মকৰ ৰাশিৰ লোকৰ বাবে ই ধনাত্মক প্রমাণিত হ'ব।