লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সাক্ষী মালিক ! ইণ্ডিয়া গোটৰ ব্ৰহ্মাস্ত্ৰ... 
ৰাষ্ট্ৰীয়

লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সাক্ষী মালিক ! ইণ্ডিয়া গোটৰ ব্ৰহ্মাস্ত্ৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সকলো ঠিকেই থাকিলে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বাৰনাসী সমষ্টিত বিৰোধী ইণ্ডিয়া গোটৰ প্ৰাৰ্থী হ'ব মহিলা মল্লযুঁজাৰু সাক্ষী মালিক। মল্লযুঁজাৰু সন্থাৰ সভাপতি হিচাপে ব্ৰীজ ভূষণ চৰন সিঙৰ ঘনিষ্ঠ সঞ্জয় সিং নিৰ্বাচিত হোৱাৰ পিছতে সাক্ষী মালিকে মল্লযুঁজৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে।

তাৰ পাছৰ পৰাই ইণ্ডিয়া গোটৰ ফালৰ পৰা সাক্ষী মালিকক মোডীৰ বিৰুদ্ধে বাৰনাসীত প্ৰাৰ্থী হোৱাৰ প্ৰস্তাৱ দিয়া হৈছে। জানিব পৰা মতে সাক্ষী মালিকেও এই প্ৰস্তাৱত সমৰ্থন জনাইছে।

চলিত মাহত ৰাজধানী দিল্লীত ইণ্ডিয়া গোটৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত তৃণমূল কংগ্ৰেছ তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাৰনাসীত প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে ইণ্ডিয়া গোটৰ ফালৰ পৰা কোনো এগৰাকী মহিলাক প্ৰক্ষেপ কৰাৰ কথা উল্লেখ কৰিছিল।

মমতা বেনাৰ্জীৰ সেই প্ৰস্তাৱৰ পাছতেই মোডীৰ বিৰুদ্ধে কোন শক্তিশালী মহিলাক প্ৰক্ষেপ কৰিব পাৰি সেই বিষয়ে চিন্তা চৰ্চা অব্যাহত ৰাখিছিল ইণ্ডিয়া গোটৰ নেতৃত্বই। তাৰ পাছতেই তেওঁলোকে মোডীৰ বিকল্প হিচাপে সাক্ষী মালিকক বিচাৰি উলিয়াই।

এই সন্দৰ্ভত বিৰোধী ইণ্ডিয়া গোটৰ এজন নেতাই সংবাদ মাধ্যমৰ আগত কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংসদত মহিলা সংৰক্ষণ বিল পাছ কৰি দেশজুৰি তাৰ প্ৰচাৰ চলাইছে। মহিলাৰ প্ৰতি তেওঁ আৰু তেওঁৰ দল কিমান চিন্তিত তাক সকলো সময়তে প্ৰচাৰ চলাই আহিছে। কিন্তু প্ৰকৃত ছবি আচলতে কি সেয়া দেশৰ জনতাই জনা উচিত।

তেওঁ লগতে কয়, বিজেপিৰ সাংসদ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে মহিলা মল্লযুঁজাৰুসকলে বাৰেবাৰে যৌন উৎপীড়নৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো মোডী চৰকাৰে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। তেওঁলোকে প্ৰতিবাদ কৰি পদ্মশ্ৰী, খেলৰত্ন, অৰ্জুন আদি সন্মান চৰকাৰক ঘূৰাই দিছে। ইয়াতকৈ বেয়া দিন আৰু কি হ'ব পাৰে? সাক্ষী ইণ্ডিয়া গোটৰ প্ৰাৰ্থী হ'লে জনতাৰ সন্মুখত এইসমূহ দিশ আৰু অধিক স্পষ্ট হৈ পৰিব।

যদি এইদৰেই চৰ্চা অনুসৰি সাক্ষী মালিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বাৰনাসীত প্ৰাৰ্থী হয় তেন্তে লোকসভাৰ নিৰ্বাচনৰ পূৰ্বেই যে দেশৰ ৰাজনীতিত ব্যাপক পট পৰিৱৰ্তন হ'ব সেয়া নিশ্চিত।