ৰাষ্ট্ৰীয়

আজি 'ইণ্ডিয়া' গোটৰ বৈঠকঃ আসন বুজাবুজি আৰু নেতা নিৰ্বাচনৰ সম্ভাৱনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শনিবাৰে অনুষ্ঠিত হ'ব ইণ্ডিয়া গোটৰ এক ভাৰ্ছুৱেল বৈঠক। দিনৰ ১১ বজাত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত বিভিন্ন দলৰ মাজত ৰাজ্য ভিত্তিক আসন বুজাবুজিৰ বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰোপৰি এই বৈঠকতে ইণ্ডিয়া গোটৰ এজন আহ্বায়ক নিৰ্বাচিত কৰা হ'ব বুলিও জানিব পৰা গৈছে। চৰ্চা অনুসৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকে আহ্বায়ক হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা অধিক।

বিগত ১৯ ডিচেম্বৰত দিল্লীত ইণ্ডিয়া গোটৰ বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকতে আকস্মিকভাৱে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰস্তাৱ কৰিছিল মমতা বেনাৰ্জীয়ে।

মমতাৰ এই প্ৰস্তাৱক সমৰ্থন কৰিছিল অৰবিন্দ কেজৰিৱালেও। এই বৈঠকতে মমতা বেনাৰ্জীৰ দাবী আছিল ৩১ ডিচেম্বৰৰ ভিতৰত আসন বুজাবুজি চূড়ান্ত কৰিব লাগে।

এই বৈঠকৰ পৰৱৰ্তী দিনটোতে কংগ্ৰেছে আসন বুজাবুজিৰ বাবে ৫ জনীয়া এক কমিটী গঠন কৰিছিল। সেই ৫ জনীয়া কমিটীয়ে ইতিমধ্যে ৰাজ্যসমূহৰ দলসমূহৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিছে।

শনিবাৰৰ বৈঠকত কোন দলৰ কোন কোন নেতা উপস্থিত থাকিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও এই ভাৰ্ছুৱেল বৈঠক কিমানদূৰ সফল হয় তাক লৈ সন্দেহৰ সৃষ্টি নোহোৱা নহয়। অৱশ্যে কংগ্ৰেছ নেতৃত্ব এই বৈঠকক লৈ আশাবাদী।