ডিজিটেল ডেস্কঃ ২০৩৬ ত ভাৰতত অনুষ্ঠিত হ'ব পাৰে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক। এই প্ৰতিযোগিতাখন আয়োজনৰ বাবে স্বত্ব বিচাৰি আন্তঃৰ্জাতিক অলিম্পিক সন্থাৰ ওচৰত আবেদন জনাইছে ভাৰতে।প্ৰধানমন্ত্ৰী মোডীৰ সপোন আছে ভাৰতত অলিম্পিক অনুষ্ঠিত কৰাৰ।
ভাৰতীয় অলিম্পিক সন্থাই ১ নৱেম্বৰত এই সন্দৰ্ভত পত্ৰ আই অ' চি লৈ প্ৰেৰণ কৰিছে। ভাৰতৰ লগতে ২০৩৬ ত অলিম্পিক আয়োজন কৰাৰ ইচ্ছা ব্যক্ত কৰা আন কেবাখনো দেশ আছে। তাৰ ভিতৰত চৌদি আৰৱ, কাটাৰ, মেক্সিকো, ইণ্ডোনেছিয়া,পোলেণ্ড,দক্ষিণ কোৰিয়া আদি অন্যতম।
উল্লেখযোগ্য যে, ২০২৮ ত অলিম্পিৰ অনুষ্ঠিত হ'ব আমেৰিকাৰ লছ এঞ্জেলেছত। ২০৩২ ত বিশ্বৰ এই সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান আয়োজন কৰাৰ দায়িত্ব ইতিমধ্যে লাভ কৰিছে ব্ৰিছবেনে।
আই অ' চি ৰ মুৰব্বী থ'মাছ ব্ৰাকে জনোৱা মতে, ২০৩৬ ত কোন দেশে অলিম্পিক আয়োজন কৰাৰ স্বত্ব লাভ কৰে সেয়া ২০২৫ ত সিদ্ধান্ত লোৱা হ'ব। প্ৰধানমন্ত্ৰী মোডীয়ে বিভিন্ন সময়ত অলিম্পিক ভাৰতে আয়োজন কৰাৰ ইচ্ছা ব্যক্ত কৰি আহিছে। সেই অনুসৰি ইমান দিনে মৌখিকভাৱে ভাৰতে এই দাবী কৰি আহিছিল যদিও এইবাৰ প্ৰথমবাৰৰ বাবে লিখিতভাৱে ভাৰতে অলিম্পিক আয়োজনৰ স্বত্ব বিচাৰি আৱেদন জনালে।