ভাৰতৰ কঠোৰ স্থিতিৰ অভাৱ! অৰুণাচলৰ ৩০ টাকৈ স্থানৰ নতুনকৈ নামকৰণ কৰিলে চীনে... 
ৰাষ্ট্ৰীয়

ভাৰতৰ কঠোৰ স্থিতিৰ অভাৱ! অৰুণাচলৰ ৩০ টাকৈ স্থানৰ নতুনকৈ নামকৰণ কৰিলে চীনে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতৰ কঠোৰ স্থিতি অভাৱৰ বাবেই অৰুণাচল প্ৰদেশক লৈ চীনৰ কুটকৌশল অব্যাহত আছে। নতুন দিল্লীয়ে যিমানেই অৰুণাচলক ভাৰতৰ অবিচ্ছেদ্য অংগ পূৰ্বেও আছিল, এতিয়াও ভাৰতৰ অংগ হৈ আছে আৰু ভৱিষ্যতেও থাকিব বুলি স্পষ্টকৈ কৈ আহিছে সিমানেই চীনে এই অঞ্চলটোৰ ওপৰত তেওঁলোকৰ প্ৰভূত্ব বিয়পাবলৈ চেষ্টা অব্যাহত ৰাখিছে।

অৰুণাচলক লৈ চীনে বাৰে বাৰে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে। কেতিয়াবা যদি অৰুণাচলক চীনৰ অংশ হিচাপে দেখুৱাই মেপ প্ৰকাশ কৰিছে আন কেতিয়াবা আকৌ অৰুণাচলক চীনৰ অংগ বুলি দাবী কৰি বিভিন্ন মন্তব্য কৰি আহিছে।

তাৰ মাজতে শেহতীয়াকৈ অৰুণাচলত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি চীনে উত্তৰ পূৰ্বাঞ্চলৰ এই অবিচ্ছেদ্য অংশক তেওঁলোকৰ বুলি দাবী কৰি ইয়াৰ ৩০ টা স্থান, ১২ টা পাহাৰৰ নতুনকৈ নামকৰণ কৰিছে।

চীনৰ এনে কাৰ্যত স্বাভাৱিকতে ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰে স্পষ্টতাৰে কয়- আপোনাৰ ঘৰৰ নতুন নাম দিলে সেই ঘৰ কি মোৰ হৈ যাব নেকি? এইদৰে নামকৰণ কৰি কোনো লাভ নাই। অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংশ আছিল আছে আৰু ভৱিষ্যতেও থাকিব।

উল্লেখ্য, অৰুণাচল প্ৰদেশক চীনে জ্যাংনান প্ৰদেশ হিচাপে দাবী কৰি ৰাজ্যখনৰ ৩০ টা স্থানৰ নাম নতুনকৈ নামকৰণ কৰিছে বেইজিং প্ৰশাসনে। বেইজিঙৰ চৰকাৰী বিজ্ঞপ্তিত জ্যাংনান প্ৰদেশৰ নতুনকৈ নামকৰণ কৰা ৩০ টা স্থানৰ ভিতৰত ১১ টা আবাসিক এলেকা, ১২ টা পাহাৰ, ৪ খন নদী, এটা হ্ৰদ, এটা গিৰিপথ আৰু এক ভুখণ্ড আছে।

এই সন্দৰ্ভত বিদেশ মন্ত্ৰী এছ জয় শংকৰে কয়, নিৰ্বোধৰ দৰে কাম কৰিছে চীনে। নতুনকৈ নামকৰণ কৰিলেও বাস্তৱ সলনি হৈ নাযায়। তেওঁ বেইজিঙৰ এনে কাৰ্যক কঠোৰ ভাষাৰে নিন্দা কৰিছে।

মন কৰিবলগীয়া যে, বিগত বছৰত চীনে অৰুণাচল প্ৰদেশৰ বহু ঠাইৰ নাম নিজাকৈ দি বিজ্ঞপ্তি জাৰি কৰিছিল। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰুণাচলত দুটাকৈ টানেলৰ উদ্বোধন কৰিছে।

এই টানেল সেনা বাহিনীৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। এই দুই টানেল উদ্বোধন কৰাৰ পাছৰে পৰা চীনে অৰুণাচলক লৈ পুনৰ এনে ধৰণৰ বিতৰ্কৰ আৰম্ভ কৰিছে। অৰুণাচলক জ্যাংনান প্ৰদেশ হিচাপে নামকৰণ কৰি এই প্ৰদেশক চীনৰ বুলি আন্তৰ্জাতিক মহলত প্ৰচাৰ আৰম্ভ কৰিছে।