লাখ লাখ ভাৰতীয়ই দেশ এৰিছে কিয় ? দেশপ্ৰেমহীনতা নে আন কিবা ? 
ৰাষ্ট্ৰীয়

লাখ লাখ ভাৰতীয়ই দেশ এৰিছে কিয় ? দেশপ্ৰেমহীনতা নে আন কিবা ?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিগত ২১ জুলাই, শুকুৰবাৰে বিদেশমন্ত্ৰী এছ জয়শংকৰে ভাৰত এৰি বিদেশৰ নাগৰিকত্ব গ্ৰহণ কৰা সন্দৰ্ভত সংসদত দিয়া এক তথ্যই উদ্বেগ প্ৰকাশ কৰিছে। এছ জয় শংকৰে দিয়া তথ্য অনুসৰি চলিত বছৰৰ জুন মাহ পৰ্যন্ত ভাৰতৰ মুঠ ৮৭ হাজাৰ নাগৰিকে ভাৰতীয় নাগৰকিত্ব ত্যাগ কৰি বিদেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছে।

ইয়াৰ পূৰ্বে ২০২২ চনত দেশ এৰা ভাৰতীয় নাগৰিকৰ সংখ্যা আছিল ২ লাখ ২৫ হাজাৰ  ৬২০ জন। এই সকলোৱে ভাৰতৰ স্থায়ী নাগৰিকত্ব ত্যাগ কৰিছে। ইয়াৰ পূৰ্বে ২০২১ ত ভাৰতৰ স্থায়ী নাগৰিকত্ব ত্যাগ কৰা লোকৰ সংখ্যা আছিল ১ লাখ ৬৩ হাজাৰ আৰু ২০২০ ত এই সংখ্যা আছিল ৮৫ হাজাৰ ২৫৬ জন।

আনহাতে ২০২০ ৰ আন এক তথ্য অনুসৰি সেই সময়লৈকে ভাৰতৰ মুঠ ১ কোটি ৮০ লাখ নাগৰিকে দেশৰ বাহিৰত বাস কৰি আছে। সংসদত পোহৰলৈ অহা এনে উদ্বেগজনক তথ্যই দেশৰ প্ৰতি ভাৰতীয়ৰ কিয় এইদৰে মোহ ভংগ হৈছে তাক লৈ চৰ্চা আৰম্ভ হৈছে।

ভাৰতীয় নাগৰিকৰ বিদেশলৈ যোৱাৰ প্ৰৱণতা কোনো নতুন কথা নহয়। মূলতঃ বাণিজ্যিক কাৰণতে প্ৰাচীন ভাৰতৰ বহু লোকে বিদেশলৈ যাত্ৰা কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ব্ৰিটিছৰ আগমণৰ পাছৰে পৰা ভাৰতীয় নাগৰিকৰ বিদেশ যাত্ৰাৰ প্ৰৱণতা আৰু অধিক বৃদ্ধি পাই।

১৮৩৪ চনৰ পৰা ব্ৰিটিছে ভাৰতীয়ক তেওঁলোকৰ ঔপনিৱেশিক ৰাষ্ট্ৰ যেনে মৰিছাচ, ফিজি, দক্ষিণ আফ্ৰিকা আদিত শ্ৰমিক হিচাপে কাম কৰিবলৈ বল প্ৰয়োগ কৰিয়েই লৈ গৈছিল। ব্ৰিটিছৰ আমোলাত সেই দেশবোৰলৈ শ্ৰমিক হিচাপে যোৱা ভাৰতীয় বংশোদ্ভৱত এতিয়াও সেই দেশবোৰত বসবাস কৰি আছে।

ইয়াৰ পাছত ক্ৰমে ৰাজনৈতিক, অৰ্থনৈকিত আদি কাৰণত বহু ভাৰতীয়ই দেশ ত্যাগ কৰিছে। কিন্তু বৰ্তমানৰ পৰিৱেশ, পৰিস্থিতিৰ সৈতে সেই সময়ৰ পৰিৱেশ, পৰিস্থিতিৰ কোনো সাদৃশ্য নাই।

সেই সময়ত কাৰোবাক বল প্ৰয়োগ কৰি বাধ্য কৰি বিদেশলৈ লৈ যোৱাৰ বিপৰীতে এতিয়া ইচ্ছা অনুসৰিয়েই দেশ ত্যাগ কৰি বিদেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছে ভাৰতীয়ই। এতিয়া সমগ্ৰ বিশ্বতে ভাৰতীয়ই থিতাপি লৈছে।

উন্নত দেশৰ লগতে অনুন্নত দেশলৈও যাত্ৰা আৰম্ভ কৰিছে ভাৰতীয়ই। অৱশ্যে যি কাৰণতেই নহওক দেশ ত্যাগ কৰা এনে ২০০ ৰো অধিক ভাৰতীয় বংশোদ্ভৱ এতিয়া বিশ্বৰ বিভিন্ন দেশৰ নেতৃত্ব বহন কৰিছে।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছোনাক ইয়াৰ মাজৰ অন্যতম। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছো ভাৰতীয় বংশোদ্ভৱ। চৰকাৰী পৰিসংখ্যা অনুসৰি ২০১১ চনৰ পৰা এই পৰ্যন্ত ১৭ লাখৰো অধিক লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে।

সেই অনুসৰি প্ৰতিদিনে গড়ে ৬১৮ জন ভাৰতীয়ই ত্যাগ কৰে দেশ। কিন্তু প্ৰশ্ন হয়, এইদৰে ভাৰতীয়ই কিয় দৈনিক ত্যাগ কৰিছে ভাৰতীয় নাগৰিকত্ব। ইয়াৰ অন্তৰালৰ কাৰণ কি?

জানিব পৰা মতে দেশ ত্যাগ কৰা এটা অংশই অনিচ্ছা স্বত্বেও ত্যাগ কৰিবলগীয়া হৈছে ভাৰতৰ নাগৰিকত্ব। ব্যৱসায়কে ধৰি অন্যান্য কাৰণত বিদেশত স্থায়ী ভাৱে বসবাস কৰা এই লোকসকলে সেই দেশৰ নাগৰকিত্ব গ্ৰহণ কৰাৰ বাবেই ত্যাগ কৰিবলগীয়া হৈছে ভাৰতীয় নাগৰিকত্ব।

কিয়নো ভাৰতীয় সংবিধানে দ্বৈত নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা কৰা নাই। কেন্দ্ৰই দাবী কৰা অনুসৰি বহু ভাৰতীয়ই ব্যক্তিগত কাৰণতেই দেশ ত্যাগ কৰিছে।অৱশ্যে তাৰ মাজতে বিশেষজ্ঞসকলে এইদৰে লাখে লাখে ভাৰতীয়ই দেশ ত্যাগ কৰাৰ আঁৰত ভাৰতৰ অৰ্থনৈতিক কাৰণকে তুলি ধৰিছে।

তেওঁলোকৰ মতে যিসকল ভাৰতীয় অন্য দেশৰ নাগৰিকত্ব লৈছে তেওঁলোকে সেই দেশতেই তেওঁলোকৰ অৰ্থনৈতিক লাভৰ লগতে নিৰাপত্ত নিশ্চিত বুলি ধৰি লৈছে। যিসকলে দেশ এৰি বিদেশলৈ গৈ সেই দেশৰ চাকৰি গ্ৰহণ কৰিছে তেওঁলোকে সেই দেশত ভাৰততকৈ অধিক আকৰ্ষণীয় দৰমহা লাভৰ উপৰিও অন্যান্য সুবিধা লাভ কৰিছে।

ভাৰতৰ পৰা প্ৰতিবছৰে উচ্চ শিক্ষা লাভৰ বাবে বিদেশলৈ যাত্ৰা কৰে বহু মেধা শিক্ষাৰ্থীয়ে। সেই ছাত্ৰৰো অধিকাংশই স্বদেশলৈ ঘূৰি আহি উপযুক্ত আৰু প্ৰত্যাশিত সংস্থাপন নোপোৱাত বিদেশতেই সংস্থাপনৰ বাট মুকলি কৰি লৈছে আৰু সেই দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছে।

২০২২ চনত ৭ লাখ ৭০ হাজাৰ ভাৰতীয় ছাত্ৰই বিদেশলৈ পঢ়িবলৈ গৈছে। বিদেশত অধ্যয়ন সমাপ্ত কৰি স্বদেশলৈ ৯০ শতাংশ শিক্ষাৰ্থীয়েই ঘূৰি আহিবলৈ আগ্ৰহী নহয় বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

আনহাতে ভাৰতৰ ধনী শ্ৰেণীৰ অনেকেই বিদেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছে। বহুতে আৱেদন কৰিছে। ভাল জীৱন ধাৰণ, ব্যৱসায়ীক সুৰক্ষা, নিৰাপত্তা আদি কাৰণত তেওঁলোকে এইদৰে বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰিছে।

ইয়াৰোপৰি ভাৰতীয়ই দেশ ত্যাগ কৰি আন দেশলৈ যাত্ৰা কৰাৰ আঁৰত ভাৰতৰ জনসংখ্যা, মহিলা আৰু শিশুৰ নিৰাপত্তাহীনতা আদি কাৰণো জড়িত হৈ আছে। উন্নত জীৱন ধাৰণৰ সু ব্যৱস্থা, অৰ্থনৈতিক সুস্থিৰতা আদিও ইয়াৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে, বৰ্তমান বিশ্বৰ ২১ খন দেশলৈ ভাৰতীয় নাগৰিকে ভিছা অবিহনে যাত্ৰাৰ কৰাৰ সুযোগ লাভ কৰাৰ বিপৰীতে ১২৮ খন দেশলৈ যাত্ৰাৰ বাবে ভিছাৰ প্ৰয়োজন হয়।