ৰাষ্ট্ৰীয়

ইৰাণী নাৱসহ মাছমৰীয়াক আটক ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে দেওবাৰে চলোৱা এক অভিযানত মাছমৰীয়াসহ এখন বিদেশী নাঁও জব্দ কৰিবলৈ সক্ষম হৈছে। পশ্চিম কেৰালাৰ এক উপকূল অঞ্চলত অভিযান চলাই উপকূলৰক্ষী বাহিনীয়ে এখন ইৰাণী নাৱৰ লগতে ৬গৰাকী মাছমৰীয়াক আটক কৰে।

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে জনোৱা অনুসৰি উক্ত অঞ্চলত মাছৰ সন্ধানত বিচৰণ কৰি থকা অৱস্থাত নাৱখন প্ৰত্যক্ষ কৰে। ইয়াৰ পাছতে উপকূলৰক্ষী বাহিনীয়ে তেঁওলোকক বাধা প্ৰদান কৰাৰ লগতে নাৱসহ মাছমৰীয়া কেইজনক আটক কৰে।

সম্প্ৰতি আটাইকেগৰাকী মাছমৰীয়াৰ লগতে জব্দকৃত নাৱখন কোচিলৈ অনা হৈছে। ইতিমধ্যে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জিন্মাত থকা মাছমৰীয়া কেইজনক সোধা-পোচা কৰাৰ লগতে অধিক তথ্যৰ বাবে তদন্ত অৱ্যাহত ৰাখিছে।

অৱশ্যে আটকাধীন মাছমৰীয়া কেইজন ভাৰতীয় বুলি উপকূলৰক্ষী বাহিনীয়ে জানিবলৈ দিয়ে। তেঁওলোক কন্যাকুমাৰী প্ৰান্তৰ থলুৱা মাছমৰীয়া বুলি স্বীকাৰোক্তি দিয়াৰ কথাও উল্লেখ কৰে।

আনহাতে তেঁওলোকে কিয় বা কি উদ্দেশ্যৰে ইৰাণী নাৱৰে মাছ মাৰিবলৈ আহিছিল সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই। তদন্তৰ পাছতহে ঘটনাৰ সবিশেষ জানিব পৰা যাব।