ৰাষ্ট্ৰীয়

ঘন কুঁৱলী! গুৱাহাটীৰ সলনি ইণ্ডিগ'ৰ বিমান পালেগৈ বাংলাদেশ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এতিয়া প্ৰচণ্ড শীত। সকলোফালে ঘন কুঁৱলী। যাৰ বাবে ঘৰৰ বাহিৰত ওলোৱাতো কঠিন হৈ পৰিছে। দিল্লী, উত্তৰ প্ৰদেশ আদি বিভিন্ন ঠাইত কুঁৱলীৰ বাবে বিমান, ট্ৰেইন চলাচল বাতিল কৰা গৈছে। বিগত কেইটামান দিনৰ পৰা গুৱাহাটীখনো ঘন কুঁৱলীয়ে চানি ধৰিছে।

কুঁৱলী এতিয়া বিমান চলাচলত বাধা হৈ পৰিছে। যাৰ বাবে গুৱাহাটীত অৱতৰণ কৰিবলগীয়া এখন বিমান পালেগৈ বাংলাদেশ। মুম্বাইৰ পৰা গুৱাহাটীলৈ যাব লগা ইণ্ডিগ'ৰ এখন বিমান শনিবাৰে বাংলাদেশৰ ৰাজধানী ঢাকাত অৱতৰণ হয়। ইয়াৰ কাৰণ ঘন কুঁৱলী বুলি জানিব পৰা গৈছে। ঘন কুঁৱলীৰ বাবে বিমানখন গুৱাহাটীত অৱতৰণ কৰাৰ সলনি বাংলাদেশৰ ৰাজধানী ঢাকাত অৱতৰণ কৰা হয়।

ইয়াক লৈ ইণ্ডিগ'ৰ তৰফৰ পৰা এক বিবৃতিও জাৰি হৈছে। য'ত কোৱা হৈছে, অসমৰ গুৱাহাটীৰ প্ৰতিকূল বতৰৰ বাবে মুম্বাইৰ পৰা গুৱাহাটী যাবলগীয়া ইণ্ডিগ' বিমান ৬ই৫৩১৯ বাংলাদেশৰ ৰাজধানী ঢাকাৰ পিন ঘূৰাই দিয়া হৈছে। এই সময়চোৱাত বিমানৰ যাত্ৰীসকলক খোৱাৰ যোগান ধৰা হৈছিল।

এই সন্দৰ্ভত কংগ্ৰেছ নেতা সূৰয সিং ঠাকুৰে এই সন্দৰ্ভত এক্সত এটা পোষ্ট কৰে। য'ত তেওঁ লিখে- ''মই মুম্বাইৰ পৰা গুৱাহাটীলৈ গৈ আছিলো। কিন্তু প্ৰতিকূল বতৰৰ বাবে গুৱাহাটীত বিমান অৱতৰণ কৰিব পৰা নগ'ল। তাৰ সলনি বিমানখন ঢাকাত অৱতৰণ হ'ল। এতিয়া সকলো যাত্ৰী পাছপোৰ্ট নোহোৱাকৈ বাংলাদেশত আছে। আমি বিমানৰ ভিতৰতে আছো''। উল্লেখ্য যে, মণিপুৰত হবলগীয়া কংগ্ৰেছ ন্যায় যাত্ৰাত অংশ ল'বলৈ এই নেতাগৰাকী মুম্বাইৰ পৰা আহিছিল।

১৩ জানুৱাৰী পুৱতি নিশা প্ৰায় ৪ বজাত বিমানখন ঢাকাত অৱতৰণ হৈছিল। অৱশ্যে তাৰ কেইঘন্টামান পাছত যাত্ৰীসকল গুৱাহাটী বিমানবন্দৰত সুৰক্ষিতভাৱে উপস্থিত হয়।