ৰাষ্ট্ৰীয়

দিল্লীৰ বিমান বন্দৰত চাঞ্চল্য! দিল্লীৰ পৰা বাৰানসীৰ অভিমুখী ইণ্ডিগ’ৰ বিমানত বোমাতংক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ বিমান বন্দৰত হঠাৎ বোমাতংকৰ সৃষ্টি হৈছে। ইণ্ডিগ’ৰ এখন যাত্রীবাহী বিমানত বোমা থকাৰ খবৰ লাভ কৰিছে। দিল্লীৰ পৰা বাৰানসীৰ অভিমুখে যাত্রাৰ পূৰ্বে বোমাৰ খবৰ লাভ কৰিছে বিমান বন্দৰ কৰ্তৃপক্ষই।

বোমাৰ খবৰ লাভৰ পিছতে যাত্রীসকলৰ মাজত চাঞ্চল্য়কৰ পৰিৱেশৰ সৃষ্টি হয়। ইতিমধ্যে সকলো যাত্ৰীক জৰুৰীকালীনভাৱে দুৱাৰেৰে বিমানখনৰ পৰা নমোৱা হৈছে।যাত্রীসকলৰ সা-সামগ্রীসমূহ বিমান বন্দৰ আৰক্ষীয়ে পৰীক্ষা-নিৰীক্ষা কৰা আৰম্ভ কৰিছে।