ৰাষ্ট্ৰীয়

ইণ্ডিয়ান নেশ্যনেল লোকদলৰ অধ্য়ক্ষ নফে সিং ৰাথীক গুলীয়াই হত্যা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ হাৰিয়ানাত ইণ্ডিয়ান নেশ্যনেল লোকদলৰ অধ্য়ক্ষ নফে সিং ৰাথীক গুলীয়াই হত্য়া। দেওবাৰে হাৰিয়ানাৰ ঝজ্জৰ জিলাত সংঘটিত হয় এই লোকহৰ্ষক হত্যাকাণ্ডৰ ঘটনা।

জানিব পৰা মতে প্ৰাক্তন বিধায়গৰাকীয়ে এছইউভি বাহনেৰে গৈ আছিল। তেনে অৱস্থাতে চাৰিচকীয়া বাহনত অহা দুৰ্বৃত্তৰ দলে গুলীয়াই হত্যা কৰে তেওঁক।

এই ঘটনাৰ পাছতে লোকদলৰ নেতা অভয় চৌতালাই কয় যে ৰাথীৰ জীৱনৰ প্ৰতি ভাবুকি থকা স্বত্বেও চৰকাৰে নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ হৈছিল।ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰে তেওঁ। অভিযোগ অনুসৰি ৰাথীক বহু সময়ত প্ৰাণে মৰাৰ ভাবুকি দিছিল আৰু তেওঁ সুৰক্ষাৰ দাবী কৰিছিল। কিন্তু সেই সুৰক্ষা দিয়া নাছিল চৰকাৰে।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে কয় যে শীঘ্ৰেই দোষীক কৰায়ত্ব কৰা হ'ব। কোনো কিয় এই ঘটনা সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।