প্ৰতিনিধিত্বমূলক ফটো 
ৰাষ্ট্ৰীয়

গুজৰাটত তীব্ৰ সাম্প্ৰদায়িক উত্তেজনা

Asomiya Pratidin

ডিজিটেল ডেস্ক : গুজৰাটৰ নৰ্মদা জিলাত সাম্প্ৰদায়িক উত্তেজনাই গা কৰি উঠিছে। জানিব পৰামতে বজৰং দলে উলিওৱা শৌৰ্য যাত্ৰাৰ সময়ত একাংশ লোকে শিলগুটি নিক্ষেপ কৰে।

শিল নিক্ষেপৰ পিচতে দুটা ফৈদৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। উভয় পক্ষই শিলগুটি নিক্ষেপ কৰাৰ লগতে ওচৰ-পাঁজৰৰ দোকান-পোহাৰ আৰু বাহনত অগ্নিসংযোগ কৰে। শৌৰ্য যাত্ৰা উলিওৱা স্থানত থকা এটা মছজিদৰ পৰাই শিলগুটি নিক্ষেপৰ ঘটনা সংঘটিত হয়।