ৰাষ্ট্ৰীয়

আদিত্য এল-১ সৌৰ অভিযানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ইছৰোয়ে..

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চন্দ্ৰযান-৩ অভিযান সফল হোৱাৰ পিছতেই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আৰম্ভ কৰিবলৈ লৈছে ভাৰতৰ প্ৰথমটো সৌৰ অভিযান। এই অভিযানৰ নাম দিয়া হৈছে আদিত্য এল-১। ইতিমধ্যে এই অভিযানৰ উৎক্ষেপনৰ আখৰা আৰু ৰকেটৰ আভ্যন্তৰীণ পৰীক্ষাসমূহ সম্পূৰ্ণ কৰা হৈছে বুলি ইছৰো কৰ্তৃপক্ষই প্ৰকাশ কৰিছে ।

অহা ২ চেপ্তেম্বৰৰ পুৱা ১১ বাজি ৫০ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা মহাকাশ বন্দৰৰ পৰা আদিত্য এল-১ সৌৰ অভিযান আৰম্ভ কৰা হ’ব। এই অভিযান হ’ব সূৰ্যৰ বিষয়ে অধ্যয়ণ কৰা প্ৰথমটো মহাকাশ ভিত্তিক ভাৰতীয় অভিযান।

আদিত্য এল-১ মহাকাশযানখন সৌৰ ক’ৰ’নাৰ দূৰৱৰ্তী পৰ্যবেক্ষণ আৰু পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত থকা এল-১ (সূৰ্য্য-পৃথিৱী লেগ্ৰেঞ্জিয়ান বিন্দু)ত সৌৰ বতাহৰ স্থানীয় পৰ্যবেক্ষণ প্ৰদানৰ বাবে প্ৰস্তুত কৰা হৈছে।

সূৰ্য অধ্যয়ণৰ বাবে ভাৰতৰ এই প্ৰথম অভিযানটোত উৎক্ষেপনৰ বাবে ব্যৱহাৰ কৰা হ'ব পিএছএলভি-চি৫৭ ৰকেট।

আদিত্য এল-১ পেলোডৰ চুটসমূহে ক’ৰ’নেল হিটিং, ক’ৰ’নেল মাছ ইজেকচন, প্ৰি-ফ্লেয়াৰ আৰু ফ্লেয়াৰ কাৰ্য্য-কলাপ আৰু ইয়াৰ বৈশষ্ট্য সন্দৰ্ভত অধ্যয়ণ কৰিব। ইয়াৰোপৰি মহাকাশৰ বতৰৰ গতিশীলতা, কণা আৰু ক্ষেত্ৰৰ প্ৰসাৰণ আদিৰ সমস্যা বুজিবলৈ অতি গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিব বুলি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আশা প্ৰকাশ কৰে।

আদিত্য এল-১ অভিযানৰ মূখ্য লক্ষ্যসমূহ হৈছে- সূৰ্যৰ ওপৰত থকা বায়ুমণ্ডলীয় (ক্ৰম'স্ফিয়াৰ আৰু ক'ৰ'না) গতিবিদ্যাৰ অধ্যয়ণ কৰা আৰু ক্ৰম'স্ফিয়াৰিক আৰু ক'ৰ'নেল উত্তাপ, আংশিকভাৱে আয়নীকৃত প্লাজমাৰ পদাৰ্থবিজ্ঞান, ক'ৰ'নেল ভৰ নিৰ্গমনৰ আৰম্ভণি আৰু ফ্লেয়াৰৰ অধ্যয়ন কৰা।

ইয়াৰোপৰি সূৰ্য্যৰ পৰা কণিকাৰ গতিবিদ্যাৰ অধ্যয়নৰ বাবে তথ্য প্ৰদান কৰা স্থানীয় কণা আৰু প্লাজমা পৰিৱেশ পৰ্যবেক্ষণ কৰাৰ লগতে সৌৰ ক’ৰ’নাৰ পদাৰ্থ বিজ্ঞান আৰু ইয়াৰ উত্তাপন ব্যৱস্থাৰ বিষয়েও অধ্যয়ণ কৰিব আদিত্য এল-১ য়ে।

ক’ৰ’নেল আৰু ক’ৰ’নেল লুপ প্লাজমাৰ নিদানসমূহ যেনে তাপমাত্ৰা, বেগ আৰু ঘনত্বৰ বিষয়ে অধ্যয়ণ কৰাৰ লগতে একাধিক স্তৰত (ক্ৰম’স্ফিয়াৰ, ভিত্তি আৰু বৰ্ধিত ক’ৰ’না) সংঘটিত হোৱা প্ৰক্ৰিয়াৰ ক্ৰম চিনাক্ত কৰা আদি কাৰ্য সম্পাদনৰ বাবেও সক্ষম আদিত্য এল-১।

সৌৰ ক'ৰ'নাত চুম্বকীয় ক্ষেত্ৰৰ ট'প'লজি আৰু চুম্বকীয় ক্ষেত্ৰৰ জোখ-মাখৰ বিষয়ে অধ্যয়ণ কৰা, মহাকাশৰ বতৰৰ বাবে চালক যেনে সৌৰ বতাহৰ উৎপত্তি, গঠন আৰু গতিশীলতাৰ বিষয়ে অধ্যয়ণ কৰা আৰু চিএমইৰ উন্নয়ন, গতিশীলতা আৰু উৎপত্তিৰ বিষয়ে অধ্যয়ণ কৰাৰ দায়িত্বয়ো থাকিব ভাৰতৰ আদিত্য এল-১ৰ ওপৰত।

ইছৰোৰ এগৰাকী বিষয়াই কয় যে আদিত্য-এল১ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ অংশগ্ৰহণেৰে ভাৰতৰ সম্পূৰ্ণ একক প্ৰচেষ্টা।

ভিজিবল ইমিছন লাইন ক’ৰ’নাগ্ৰাফ পেলোডৰ বিকাশৰ মূখ্য ভূমিকা গ্ৰহণ কৰিছে বেংগালুৰুস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ’ফিজিক্স (আই আই এ) প্ৰতিষ্ঠানে আৰু পুনেৰ আন্তঃবিশ্ববিদ্যালয় চেণ্টাৰ ফৰ এষ্ট্ৰ’নমি এণ্ড এষ্ট্ৰ’ফিজিক্সে এই অভিযানৰ বাবে ছ’লাৰ আল্ট্ৰাভায়োলেট ইমেজাৰ পেলোড প্ৰস্তুত কৰিছে।

আদিত্য এল-১ য়ে ক’ৰ’নাৰ ওপৰত, আৰু ইউভি পেলোড ব্যৱহাৰ কৰি সৌৰ ক্ৰম’স্ফিয়াৰত আৰু এক্স-ৰে পে-লোড ব্যৱহাৰ কৰি ফ্লেয়াৰৰ ওপৰত পৰ্যবেক্ষণ প্ৰদান কৰিব পাৰিব। ইয়াৰোপৰি কণা ডিটেক্টৰ আৰু মেগনেটোমিটাৰ পে-লোডে আধানযুক্ত কণা আৰু এল-১ৰ চাৰিওফালে থকা হেলো কক্ষপথত উপনীত হোৱা চুম্বকীয় ক্ষেত্ৰৰ বিষয়েও তথ্য প্ৰদান কৰিব পাৰিব ।