ৰাষ্ট্ৰীয়

নতুন বছৰৰ আৰম্ভণি ব্যতিক্ৰম কৰি তুলিব ইছৰোৱেঃ ৯:১০ বজাত উৎক্ষেপণ কৰিব দেশৰ প্ৰথমটো এক্স-ৰে প’লাৰিমিটাৰ উপগ্ৰহ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰো প্ৰতিজন ব্যক্তিয়ে নতুন বছৰটোক আদৰাৰ নামত আনন্দ, উল্লাসত মতলীয়া হৈ থকাৰ সময়তে এই নতুন বছৰটোৰ আৰম্ভণিৰ পুৱাটো কিছু ব্যতিক্ৰম আৰু স্মৰণিয় কৰি ৰাখিবলৈ ভাৰতীয় মহাকাশ বিজ্ঞান গৱেষণা কেন্দ্ৰৰ অভিলাষী প্ৰচেষ্টা। ১ জানুৱাৰী, ২০২৪ ৰ পুৱা ৯ঃ১০ বজাত ইছৰোৱে উৎক্ষেপণ কৰিব দেশৰ প্ৰথমটো এক্স-ৰে প’লাৰিমিটাৰ উপগ্ৰহ বা XPOSAT ।

ইছৰোৱে এক্সপ’ছেটৰ জৰিয়তে কৃষ্ণগহ্বৰ আৰু নিউট্ৰন ষ্টাৰৰ সন্ধান কৰিবলৈ এই নতুন পদক্ষেপ গ্ৰহণ কৰিছে। এই উপগ্ৰহটো প’লাৰ চেটেলাইট লঞ্চ ভেহিকেল চি ৫৮ ৰ জৰিয়তে উৎক্ষেপণ কৰা হ’ব।

উল্লেখ্য যে, ইছৰোৱে শেহতীয়াকৈ চন্দ্ৰযান-৩ক নিজৰ লক্ষ্যত সফলতাৰে প্ৰেৰণ কৰি বিশ্বক মহাকাশ বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰতখনত নিজৰ এক সুকীয়া আসন গঢ়িবলৈ সক্ষম হৈছে। ভাৰতে প্ৰেৰণ কৰা চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰিছে। চন্দ্ৰযান-৩ য়ে কঢ়িয়াই নিয়া আদিত্য এল-১ ৰ সহায়ত ইছৰোৱে সৌৰ গৱেষণাৰ ক্ষেত্ৰত বৃহৎ সফলতা লাভ কৰিছে।

ইয়াৰ পিছতেই এইবাৰ ইছৰোৱে আন কিছুমান মহাজাগতিক পৰিঘটনাৰ বিষয়ে গৱেষণামূলক তথ্যৰ সন্ধান বিচাৰি উলিয়াব বিচাৰিছে। সেই বাবেই এক্সপ’জেট উৎক্ষেপণৰ লক্ষ্য ইছৰোৱে।

ইছৰোৰ এই উপগ্ৰহটোৱে গভীৰ এক্স-ৰে উৎসৰ বিকিৰণৰ দিশৰ সৈতে জড়িত এক অধ্যয়নৰ বিভিন্ন দিশ অন্বেষণ কৰিবলৈ ওলাইছে। এই পদক্ষেপত যদি ইছৰো সফল হয় তেন্তে ই ভাৰতীয় মহাকাশ গৱেষণা আৰু বিজ্ঞানৰ জগতখনত এক বৃহৎ অগ্ৰগতি আনিব পাৰে।

ইতিমধ্যে ইছৰ’ই আদিত্য এল-১ৰ সফলতাৰ বাবে অপেক্ষা কৰি আছে। জানিব পৰা গৈছে যে এক্সপ’জেট মহাকাশৰ ৫০টা উজ্জ্বল বস্তুৰ ওপৰত গৱেষণাৰ বাবে তথ্য সংগ্ৰহৰ বাবে উৎসৰ্গিত। ইয়াৰ ভিতৰত ব্লেকহোল বা কৃষ্ণগহ্বৰ, এক্টিভ গ্যালাক্টিক নিউক্লিআই, নিউট্ৰন ষ্টাৰ, নন থাৰ্মল ছুপাৰন’ভা আদি অন্যতম।

এই নতুন অভিযানৰ কাৰ্যকাল ৫ বছৰ। জানিব পৰা মতে এই উপগ্ৰহটো পৃথিৱীৰ কক্ষপথৰ পৰা ৫০০ৰ পৰা ৭০০ কিলোমিটাৰ দূৰত্বত থাকিব। উল্লেখ্য যে ৰমন গৱেষণা প্ৰতিষ্ঠান, ইউ আৰ ৰাও উপগ্ৰহ কেন্দ্ৰই ইছৰোৰ এই পদক্ষেপত সহযোগিতা আগবঢ়াইছে। এই পদক্ষেপৰ ফলত লাভ কৰা তথ্যই ভাৰতৰ মহাকাশ গৱেষণাৰ বিভিন্ন দিশত সফলতা আনিব বুলি ধাৰণা কৰা হৈছে।