আজিৰে পৰা মহাপ্ৰভু জগন্নাথৰ ৰথযাত্ৰাঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে টানিব ৰথ... 
ৰাষ্ট্ৰীয়

আজিৰে পৰা মহাপ্ৰভু জগন্নাথৰ ৰথযাত্ৰাঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে টানিব ৰথ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে উৰিষ্যাৰ পুৰীৰ ৰথযাত্ৰা। পুৰীৰ ঐতিহাসিক জগন্নাথ মন্দিৰৰ পৰা শ্ৰীকৃষ্ণ, বলোৰাম আৰু সুভদ্ৰাৰ প্ৰতিমূৰ্তি তিনিখন বিশাল ৰথত বহুৱাই গুণ্ডিচা মন্দিৰলৈ নিয়া হ'ব। বিশ্বাস অনুসৰি গুণ্ডিতা মন্দিৰত কৃষ্ণৰ মাহীয়েকৰ ঘৰ। ইয়াত কিছু সময় জিৰণি লোৱাৰ পিছত তিনিও পুনৰ জগন্নাথ মন্দিৰলৈ উভতি আছে।

আজিৰে পৰা আৰম্ভ হোৱা এই ঐতিহাসিক ৰথযাত্ৰাত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। সেই অনুসৰিয়েই ৪ দিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে উৰিষ্যাত উপস্থিত হৈছেহি দ্ৰৌপদী মুৰ্মু।

উল্লেখ্যে যে, ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে সাধাৰণ ভক্তৰ দৰেই মুৰ্মুৱে বহু কেইবাৰ এই ৰথযাত্ৰাত অংশগ্ৰহণ কৰিছে। সাধাৰণ ভক্তৰ দৰেই তেওঁ শ্ৰীমন্দিৰৰ দক্ষিণ দুৱাৰৰ ওচৰৰ 'ৰাণী ঘৰ মঠ'ত বাস কৰিছিল।

জানিব পৰা মতে ৮ জুলাই সোমবাৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে মহাপ্ৰভু জগন্নাথৰ ৰথযাত্ৰাৰ ৰথ টানিব। মন কৰিবলগীয়া যে, প্ৰতিবছৰে পুৰীৰ ৰথ যাত্ৰাত লাখ লাখ ভক্তৰ সমাগম হয়। কেৱল পুৰীতে নহয় এই সময়ছোৱাত সমগ্ৰ ভাৰতে পুৰীৰ ৰথ যাত্ৰাৰ সমান্তৰালকৈ ৰথ যাত্ৰাৰ উৎসৱ অনুষ্ঠিত হয়।